গুৱাহাটী, ২৩ অক্টোবৰঃ ভাৰতীয় ছাত্ৰ ফেডাৰেচনৰ কৰ্মী আৰু চিপিআই(এম)ৰ স্থানীয় সমিতিৰ সদস্য পি এছ জয়চন্দ্ৰনৰ জীয়ৰী অনুপমা আৰু তেওঁৰ স্বামীয়ে শনিবাৰে সচিবালয়ৰ সন্মুখত দিনজোৰা বিশাল প্ৰতিবাদত বহি তেওঁলোকৰ সন্তানক সোনকালে ঘূৰাই অনাৰ দাবী জনায়। ঘটনাক্ৰমে, এই প্ৰতিবাদ একে সময়তে সংঘটিত হয়, যেতিয়া চিপিআই-এমৰ শীৰ্ষতম সমিতিবোৰে দিল্লীত বৈঠক অনুষ্ঠিত কৰে আৰু মুখ্যমন্ত্ৰী পিনাৰাই বিজয়ন আৰু ৰাজ্যৰ সকলো শীৰ্ষ নেতাই এক গুৰুত্বপূৰ্ণ স্থিতি গ্ৰহণ কৰিছে।
ৰাজ্যৰ ৰাজধানী চহৰৰ বাসিন্দা ২২ বছৰীয়া অনুপমাই তেওঁৰ সন্তানক ঘূৰাই পাবলৈ উদ্বাউল হৈ অ’ৰ পৰা ত’লৈ ঘূৰিছে। টেওঁ দাবী কৰিছিল যে অক্টোবৰত সন্তানটো চিকিৎসালয়ত জন্ম দিয়াৰ ঠিক পিছতে তেওঁৰ পিতৃ-মাতৃয়ে লৈ গৈছিল। অনুপমা দলটোৰ যুৱ শাখাৰ নেতা অজিতৰ প্ৰেমত পৰিছিল। তেওঁ এজন খ্ৰীষ্টান ধৰ্মৰ লোক আৰু ইতিমধ্যে বিবাহিত আছিল।
ইপিনে, অনুপমাৰ মাক দেউতাক তেওঁলোকৰ কন্যাৰ এজন হিন্দু ধৰ্মৰ যুৱকৰ সৈতে বিবাহৰ বাবে আগ্ৰহী আছিল। বৰ্তমান আৰক্ষীয়ে অনুপমাৰ পিতৃ-মাতৃ, তেওঁৰ ভগ্নী আৰু স্বামীৰ লগতে তেওঁৰ দেউতাকৰ দুজন বন্ধুৰ পৰা বিবৃতি লোৱাৰ সিদ্ধান্ত লৈছে।
Comments