Choose Language

  • All  
  • English
  • অসমীয়া
0
0
6531

সুদীৰ্ঘ ১৪ বছৰৰ অন্তত বাঢ়িল দিয়াচলাই বাকচৰ দাম


Published on October 23, 2021 | News Source: অৰূপ ডেকা
Share This Page
Related Stories

ফেইজাবাদ জংচনৰ নতুন নাম অযোধ্যা কেণ্ট ৰে'ল ষ্টেচন, মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ অনুমোদন


Published on October 23, 2021|News Source : অৰূপ ডেকা


গুৱাহাটী, ২৩ অক্টোবৰঃ উত্তৰ প্ৰদেশত প্ৰভু শ্ৰীৰামৰ জন্মভূমি অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ কৰাৰ লগতে পুনৰুজ্জীৱিত কৰা হৈছে। ফেইজাবাদ ৰেল জংচন সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে। এক বিশেষ সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি ফেইজাবাদ ৰেল জংচনৰ নাম সলনি কৰি অযোধ্যা কেন্ট ৰে'ল ষ্টেচন ৰখাৰ সিদ্ধান্ত লোৱা হৈছে। অৰ্থাৎ, এইটো ষ্টেচনটো শীঘ্ৰেই অযোধ্যা কেণ্ট নামেৰে জনাজাত হ'ব।

উল্লেখ্য যে এই সন্দৰ্ভত কেইমাহমান আগতে এটা প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছিল। যিটো উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে অনুমোদন জনাইছে। দৰাচলতে, ৰাম মন্দিৰ আৰ্হি অনুসৰি, অযোধ্যা ৰে'ল ষ্টেচনক জাকজমকতাৰে সজাই-পৰাই তুলিবলৈ নিৰ্দেশ দিয়া হৈছে। 

ফেইজাবাদ ৰে'ল ষ্টেচনৰ নাম সলনি কৰাৰ প্ৰশ্নৰ উত্তৰত ৰে'লৱেৰ জেনেৰেল মেনেজাৰ আশুতোষ গংগালে কৈছিল, "এই প্ৰস্তাৱটো ৰে'লৱে ব'ৰ্ডলৈ প্ৰেৰণ কৰা হৈছে। অযোধ্যাত নিৰ্মাণ কৰা আন্তঃৰাষ্ট্ৰীয় ৰে'ল ষ্টেচনৰ আকাৰ এনেকুৱা হ'ব যে ভক্তসকলে ৰে'লৰ পৰা নামি অহাৰ লগে লগে এক আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি হয়। তেওঁলোকে এখন আধ্যাত্মিক পৌৰাণিক চহৰত উপনীত হোৱাৰ দৰে অনুভৱ কৰিব। সেয়েহে এই ষ্টেচনটো ভগৱান ৰামৰ মন্দিৰৰ লগে লগে নিৰ্মাণ কৰাৰ সিদ্ধান্ত লোৱা হৈছে।


Published on January 1, 1970|News Source :
Cartoon
View Older

 

December 1, 2021


Entertainment
View Older


From Our Archive

Create Account