তালাপ, ২৩ অক্টোবৰঃ- অসম সাহিত্য সভাৰ তিনিচুকীয়া জিলা সাহিত্য সভাৰ সভাপতি অৰ্জুন বৰুৱা আৰু কোষাধ্যক্ষ চন্দ্ৰ কুমাৰ বৰুৱাৰ অনুৰোধ ক্ৰমে মাকুম নগৰৰ জ্যোতি নগৰ নিৱাসী ভাষা, সাহিত্য, সংস্কৃতি আৰু ক্ৰীড়াপ্ৰেমী বয়োজ্যেষ্ঠ ব্যক্তি পূৰ্ণকান্ত ভূঞাই অসম সাহিত্য সভাৰ পৰম হিতৈষী সভ্য পদৰ বাবে আৰু তেখেতৰ পত্নী ইন্দিৰা ভূঞাই আজীৱন সভ্য পদৰ বাবে কৰা আবেদন অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিয়ে মঞ্জুৰ কৰি প্ৰমাণপত্ৰ প্ৰদান কৰে ৷
অসম সাহিত্য সভাৰ তিনিচুকীয়া জিলাৰ প্ৰতিনিধি ডাঃ গিৰীশ সন্দিকৈৰ যোগেৰে মাুকুম শাখা সাহিত্য সভাই লাভকৰা পৰম হিতৈষী সভ্য পদৰ প্ৰমাণ পত্ৰৰ লগতে ইন্দিৰা ভূঞাৰ আজীৱন সভ্যৰ প্ৰমাণপত্ৰ আজি মাকুম শাখা সাহিত্য সভাৰ সভাপতি প্ৰদীপ বৰুৱা, সম্পাদক নিলোৎপল শইকীয়া, তিনিচুকীয়া জিলা সাহিত্য সভাৰ কাৰ্যালয় সম্পাদক অখিল চন্দ্ৰ বৰুৱা, কোষাধ্যক্ষ চন্দ্ৰ কুমাৰ বৰুৱাৰে গঠিত এটা প্ৰতিনিধি দলে পূৰ্ণকান্ত ভূঞাৰ বাসগৃহলৈ গৈ আনুষ্ঠানিকভাৱে তেওঁক প্ৰমাণ পত্ৰখন দুখন প্ৰদান কৰে ৷
প্ৰতিনিধি দলটোৱে ভূঞা দম্পতিৰ সুস্বাস্থ্য আৰু উজ্বল জীৱন কামনা কৰি বক্তব্য আগবঢ়ায় । অসম সাহিত্য সভাই তেওঁলোকৰ আবেদন মঞ্জুৰ কৰাত আনন্দিত হোৱা বুলি প্ৰকাশ কৰাৰ লগতে সকলো পক্ষকে ধন্যবাদ জ্ঞাপন কৰে । উল্লেখ্য যে এইগৰাকী পুৰ্ণকান্ত ভূঞাই নিজৰ সাঁচতীয়া কেইবালাখ টকা খৰচ কৰি দুবছৰ পূৰ্বে মাকুমৰ গান্ধী নগৰত সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ এটা পূৰ্ণায়বৰ মূৰ্তি স্থাপন কৰাইছিল ৷ ভূঞাই অসম সাহিত্য সভালৈকো ৫১ হাজাৰ ৫ শ টকাৰ বৰঙনি আগবঢ়ায়।
Comments