গুৱাহাটী,২৪ অক্টোবৰ:আপুনি যদি মদ নাখায় তেন্তে আপুনি এই বিষয়ে ভালদৰে জ্ঞাত নহয়! হয়টো আপুনি চলচ্চিত্ৰত দুই-তিনিজনে একেলগে মদ সেৱন কৰা দেখিছে। দুই-তিনিজনে একলগে মদ খোৱাৰ সময়ত আপুনি নিশ্চয় বটলৰ পৰা মদ গিলাছত ঢলাৰ পিছত গিলাছ কেইটা খুন্দিয়াই দিয়া দেখিছে। কিন্তু আপুনি জানেনে মদ সেৱন কৰাৰ আগত কিয় চিয়েৰছ কৰা হয়?
মদ সেৱন কৰাৰ আগত চিয়ৰছ কৰাৰ কেতবোৰ প্ৰবাদ আছে। কিন্তু ইয়াৰ ভিতৰত গ্ৰহণযোগ্য প্ৰবাদ দুটা আছে। উল্লেখ্য যে মধ্যকালীন যুগত উদ্ভৱ হৈছিল চিয়েৰছ শব্দটো। সেই সময়ৰ লোকসকলে মদ্যপান কৰাৰ আগত চিয়েৰছ কৰিছিল।
এই চিয়েৰছ কৰাৰ অন্যতম কাৰণ এটা হ'ল যে মধ্য যুগত শত্ৰুয়ে বিহ দি প্ৰায় লোকক হত্যা কৰিছিল। লক্ষ্যণীয়ভাৱে এই বিহ সৰ্বাধিক মিহলোৱা হৈছিল মদত। কোনো-কোনো সময়ত মদখোৱা স্থানতে শত্ৰুয়ে মদৰ লগত বিহ মিলাই দিয়াৰ বহু প্ৰমাণ পোৱা গৈছিল। কালক্ৰমণ এনে ঘটনা প্ৰবাহ বৃদ্ধি পোৱাৰ লগে-লগে মানুহবোৰে চিয়েৰছ কৰি খোৱাৰ প্ৰথা আৰম্ভ কৰে। যেতিয়া বহুকেইজনমান লোক লগ হৈ সুৰাপান কৰে, তেতিয়া মদৰ প্ৰথমটো গিলাছ লওতেই সকলোৱে এনেদৰে চিয়েৰছ কৰে,যাতে গিলাছত থকা মদ গোটেইকেইটা গিলাছতে এটোপাল হলেও মিহলি হৈ পৰে আৰু আটাইকেইজনে শংকামুক্ত হৈ সুৰাপান কৰিব পাৰে।
সুৰাপান কৰাৰ চিয়েৰছ কৰাৰ অন্য এটা কাৰণ হ’ল। মধ্যযুগত কলা যাদুৰ প্ৰচলন অধিক আছিল। বিভিন্ন সম্প্ৰদায়ৰ মাজত কলাযাদুৰ অধিক সম্প্ৰসাৰণ ঘটিছিল। একাংশই ধাৰণা কৰিছিল যে, মদ সেৱনৰ স্থান বা আদ্দাস্থলীত বেয়া শক্তিৰ প্ৰভাৱ আছে । সেয়ে মদ খোৱাৰ সময়ত সকলোৱে গিলাছৰ শব্দ কৰি সেই ঠাইৰ পৰা বেয়া শক্তি খেদাৰ চেষ্টা কৰিছিল বুলি এক প্ৰবাদ আছে।
Comments