গুৱাহাটী,২২ অক্টোবৰ:মাত্ৰ ২৭৯ দিনত ১০০ কোটি ভেকছিন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছিটাকৰণৰ অভিলেখ সফলতাক দেশৰ শক্তি আৰু সামৰ্থ্যৰ প্ৰতিফলন বুলি অভিহিত কৰে। তেওঁৰ মতে, এয়া ইতিহাসৰ নতুন অধ্যায়। শুকুৰবাৰে দেশবাসীক উদ্দেশ্য কৰি দিয়া ভাষণত প্ৰধানমন্ত্ৰীগৰাকীয়ে ক'ভিডৰ লগতে ক'ভিড ভেকছিন সন্দৰ্ভত বহুকেইটা গুৰুত্বপূৰ্ণ ব্যক্তব্য আগবঢ়ায়।
১০০ কোটি ভেকছিন প্ৰদানক লৈ সফলতা উদযাপন কৰাৰ উপৰিও মোডীয়ে দেশবাসীক সতৰ্ক কৰি দিয়ে। উৎসৱৰ বতৰত কোনো শিথিলতা থাকিব নালাগে বুলি কভিডৰ নিৰ্দেশনা সন্দৰ্ভত কঠোৰ মন্তব্য প্ৰদান কৰে প্ৰধামন্ত্ৰী মোদীয়ে।
আনহাতে ভাৰতে যি গতিত ১০০ কোটি ভেকছিন প্ৰদানৰ লক্ষ্য অতিক্ৰম কৰিছে তাক সমগ্ৰ বিশ্বতে প্ৰশংসা কৰা হৈছে বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। দেশৰ স্বনিৰ্ভৰশীলতাৰ ওপৰত গুৰুত্বপ্ৰদান কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, আগতে ভাৰতে বেছিভাগ ভেকছিন বিদেশৰ পৰা আনিছিল। বহুতে প্ৰশ্ন কৰিছিল যে এই মহামাৰীত ভাৰতৰ কি হ'ব? ভাৰতে ইমান মানুহক ছিটাকৰণ কৰিব পাৰিবনে? ভাৰতে ইমান টকা ক'ত পাব? আজি এই ১০০ কোটি ভেকছিনে সকলো প্ৰশ্নৰ উত্তৰ দিছে।
ভাৰতে ইয়াৰ নাগৰিকসকলক ১০০ কোটি ভেকছিন প্ৰদান কৰাৰ লগতে বিনামূলীয়াকৈ এই ভেকছিন প্ৰদান কৰিবলৈ সক্ষম হৈছে।
টিকাকৰণৰ এই ৰেকৰ্ডক 'সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াস'ৰ এক জীৱন্ত উদাহৰণ বুলি প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয়, বহুতে দাবী কৰিছিল যে ভাৰতৰ দৰে গণতন্ত্ৰত অনুশাসন বজাই ৰখাটো কঠিন হ'ব। যিমানেই ভিআইপি নহওঁক কিয়, মানুহজন যিমানেই ডাঙৰ নহওঁক, সকলোকে সাধাৰণ মানুহৰ দৰে টিকাকৰণ কৰোৱা হৈছে। এই সফলতাৰ মূল চাবিকাঠি এইটোৱেই। ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে কয়। ইফালে এই অভিলেখত বিভিন্ন দেশৰ প্ৰধানমন্ত্ৰীসকলেও শুভেচ্ছা জ্ঞাপন কৰিছে।
Comments