গুৱাহাটী,২৫ অক্টোবৰ:অহা ৩০ অক্টোবৰত ৰাজ্যৰ পাঁচ সমষ্টিত অনুষ্ঠিত হ’ব উপ নিৰ্বাচন ৷ এই উপ নিৰ্বাচনী প্ৰক্ৰিয়া যাতে শান্তিপূৰ্ণভাৱে সমাপন হয় আৰু ৰাইজে যাতে শংকামুক্তভাৱে ভোটদান কৰিব পাৰে সেই উদ্দেশ্যে আজি ভৱানীপুৰ সমষ্টিৰ শালবাৰী থানাৰ অন্তৰ্গত কিছুমান অঞ্চলসমূহত শালবাৰী আৰক্ষী আৰু চিআৰপিএফে ফ্লেগ মাৰ্ছ কৰে ৷
শালবাৰী আৰক্ষীয়ে নিৰ্বাচনী প্ৰক্ৰিয়াত মোতায়েন কৰা চিআৰপিএফ বাহিনীক লগত লৈ শালবাৰীৰ পৰা ধুমাৰপথাৰ-চেংলীমাৰীলৈকে ৰাস্তাৰে সমদল কৰি আজি ফ্লেগ মাৰ্ছ কৰে ৷ এই ফ্লেগ মাৰ্ছত ভাগ লয় আৰক্ষী-চিআৰপিএফৰ বিষয়াকে ধৰি প্ৰায় ডেৰ শতাধিক জোৱানে ৷
এই সন্দৰ্ভত শালবাৰী মহকুমা আৰক্ষী বিষয়া সমীৰণ বৈশ্যই কয়, “ৰাইজে যাতে ভয়-শংকামুক্তভাৱে নিৰ্বাচনত অংশগ্ৰহণ কৰিব পাৰে, কোনো অপশক্তিয়ে যাতে এই নিৰ্বাচনী প্ৰক্ৰিয়াত ব্যাঘাত জন্মাব নোৱাৰে তাৰ বাবে শালবাৰী আৰক্ষী প্ৰস্তুত আছে৷ আৰক্ষী অধীক্ষকৰ নিৰ্দেশমৰ্মে আমি নিৰ্বাচন হ’বলগীয়া অঞ্চলত চিআৰপিএফ লগত লৈ দিনে-ৰাতিয়ে ফ্লেগ মাৰ্ছ কৰি আছো ৷ ৰাইজক আমি আস্বস্ত কৰিব বিচাৰিছো যে কোনো শংকা নকৰাকৈ সকলোৱে ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰক, শান্তিপূৰ্ণ নিৰ্বাচনী প্ৰক্ৰিয়াৰ বাবেই এই ফ্লেগ মাৰ্চ ৷”
Comments