গুৱাহাটী, ২৬ অক্টেবৰঃ তালিবান শাসনকালত আফগানিস্তানত বসবাস কৰা লোকসকলৰ দুখ-কষ্ট দিনক দিনে বাঢ়ি গৈ আছে। বৰ্তমান আফগানিস্তানত জীৱন নিৰ্বাহ ইমানে কঠিন হৈ পৰিছে যে মানুহে এমুঠি অন্নৰ কাৰণে হাহাকাৰ কৰিব লগা হৈছে। বিশেষকৈ সংখ্যালঘু সম্প্ৰদায় আৰু অনাথ শিশুবোৰে অতি শোচনীয় পৰিৱেশত জীৱন নিৰ্বাহ কৰিব লগা হৈছে।
এক বিশেষ সূত্ৰৰ পৰা খবৰ পোৱা অনুসৰি বিগত দিনবোৰত অতি কমেও ৮ টা অনাথ শিশু অনাহাৰত মৃত্যুমুখত পৰিছে। এই শিশুকেইটা পশ্চিম কাবুলৰ ইটাফাক চহৰৰ বুলি জানিব পৰা গৈছে।
তালিবানে ১৫ আগষ্টত আফগানিস্তান দখল কৰিছিল। তেতিয়াৰ পৰা, দেশখনত অনাহাৰৰ দৰে পৰিস্থিতি বৃদ্ধি হ'বলৈ ধৰিছে। তালিবান শাসনলৈ অহাৰ পিছৰে পৰা ভোকত থকা অনাথ শিশুসকলৰ উপাৰ্জন বন্ধ হৈ পৰিছিল। এই শিশুসকলে সৰু-সুৰা কাম কৰি জীৱন নিৰ্বাহ কৰি আহিছিল, কিন্তু তালিবান শাসনৰ অধীনত তেওঁলোকে সকলো কাম বাদ দিব লগা হৈছিল।
Comments