গুৱাহাটী,২৭ অক্টোবৰ:মহাৰাষ্ট্ৰৰ ভিৱাণ্ডী চহৰৰ এজন কৃষকে নিজৰ গাখীৰ ব্যৱসায় বিস্তাৰ আৰু ব্যৱসায়িক যাত্ৰাৰ সুবিধাৰ্থে প্ৰায় ৩০ কোটি টকাৰ এখন হেলিকপ্টাৰ ক্ৰয় কৰে ।
জনাৰ্দন ভৈৰ নামৰ এই লোকজন পেছাত এজন ধনৱান ব্যৱসায়ী আৰু শেহতীয়াকৈ তেওঁ গাখীৰৰ ব্যৱসায় আৰম্ভ কৰিছে । তেওঁ কয় যে এই নতুন ব্যৱসায়ৰ বাবে হাৰিয়ানা,ৰাজস্থান,গুজৰাটৰ লগতে ভাৰতৰ অন্যান্য ৰাজ্যত যাত্ৰা কৰিব লগীয়া হয় । এনেদৰে দূৰৰ ঠাইত যাত্ৰাৰ সুবিধাৰ্থে বন্ধু বৰ্গৰ পৰামৰ্শৰ বাবে তেওঁ এখন হেলিকপ্টাৰ ক্ৰয় কৰাৰ সিদ্ধান্ত লৈছিল ।
হেলিকপ্টাৰখন আহি পোৱাৰ লগে লগে তেওঁ গাঁওবাসীৰ বিভিন্ন লোকক ইয়াত উঠিব দিছিল আৰু গাঁওখন পৰিভ্ৰমণ কৰিছিল।হেলিকপ্টাৰ খনৰ বাবে ভয়ে ২.৫ একৰ মাটিত হেলিপেদ বনাইছে । তাৰ লগতে পাইলত আৰু প্ৰযুক্তিৰ বাবেও নিৰ্মান কৰা হৈছে বিশেষ কোঠা । বিশেষ সূত্রই জনোৱা মতে তেওঁৰ প্রায় ১০০ কোটি টকাৰ সম্পত্তি আছে বুলি জানিব পৰা গৈছে ।
Comments