গুৱাহাটী,২৭ অক্টোবৰ:পইতা ভাত হৈছে সিজোৱা ভাত ওৰে ৰাতি পানীত তিয়াই ৰাখি,পিছদিনা খাবৰ বাবে ব্যৱহাৰ কৰা এক বিশেষ খাদ্য।পানীত তিয়াই ৰখা বাবে ই সামান্য টেঙা হৈ পৰে।বিশেষকৈ গৰমৰ দিনত অসমীয়া ৰাইজৰ বাবে ই প্রিয় খাদ্য।
জানো আহক এই খাদ্যৰ লাভালাভ-
১.পইতা ভাত সাধাৰণতে দেহ শীতল হয়। শৰীৰৰ তাপ বৃদ্ধিৰ ফলত আপোনাৰ বহুতো সমস্যা হ’ব পাৰে। ই আপোনাৰ শৰীৰৰ তাপমাত্ৰা নিয়ন্ত্ৰণত সহায় কৰে।
২.পইতা ভাত ছাল গঠনৰ প্ৰাথমিক প্ৰ’টিন কলাজেন তৈয়াৰ কৰাত সহায়ক।
৩.পইতা ভাত খালে পেট সম্পৰ্কীয় বিভিন্ন সমস্যাৰ পৰা সকাহ পাব পাৰি। ই শৰীৰৰ পৰা ক্ষতিকাৰক পদাৰ্থবোৰ আঁতৰ কৰাত সহায় কৰে।
৪.পইতা ভাতত যথেষ্ট পৰিমাণে ফাইবাৰ থাকে,যি কোষ্ঠকাঠিন্যৰ বেমাৰত সহায় কৰে।
৫.ভাতে ওজন বৃদ্ধি কৰে।কিন্তু পইতা ভাতত কম কেলৰি আৰু অধিক ফাইবাৰ থাকে। ই ওজন হ্রাস কৰাত কাৰ্যকৰী হয়।
৬.পইতা ভাতত অধিক পৰিমাণে পটাচিয়াম থাকে।ই মানুহৰ ৰক্তচাপ নিয়ন্ত্ৰিন কৰি ৰাখে।
Comments