গুৱাহাটী,২৫ অক্টোবৰ:জোখতকৈ অধিক কাম কৰে নেকি? তেন্তে অধিক কামে আপোনাৰ শৰীৰলৈ বিপদ মাতি আনিব পাৰে। অধ্যয়ণৰ পাছত এই কথা প্ৰকাশ কৰিছে বিশ্ব স্বাস্থ্য সংস্থা আৰু আন্তঃৰাষ্ট্ৰীয় শ্ৰম সংগঠনে।
অধ্যয়নত প্ৰকাশ পোৱা অনুসৰি, ২০১৬ বৰ্ষত এক সপ্তাহত ৫৫ ঘন্টাতকৈ অধিক কাম কৰা লোকৰ ৭.৪৫ লাখ লোক মৃত্যু মুখত পৰিছে। তাৰে ৩.৯৮ লাখ লোক ষ্ট্ৰ'কত আৰু ৩.৪৭ লাখ লোক হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছে। ২০০০ বৰ্ষত একে কাৰণতে মৃত্যু মুখত পৰিছিল ৫.৯০ লাখ লোক। ২০০০ আৰু ২০১৬ চনত অধিক সময় কাম কৰাৰ ফলত ৪২ শতাংশ লোক হৃদৰোগত আৰু ১৯ শতাংশলৈ ষ্ট্ৰকত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পায়।
২০০০, ২০১০, ২০১৬ চনত মৃত্যু হোৱা লোকৰ অধ্যয়ণ কৰি এই কথা পোহৰলৈ আহিছে যে কৰ্মথলীত অন্য কাৰণৰ বাবে মৃত্যু হোৱাতকৈ অধিক সময় কাম কৰিলে অধিক ৰোগে দেখা দিয়ে। বিজ্ঞানীসকলে অধ্যয়ণৰ দ্বাৰা এই কথা প্ৰমাণ কৰিছে যে সপ্তাহত ৩৫-৫০ ঘন্টা কাম কৰা লোকতকৈ ৫৫ ঘন্টা কাম লোকৰ ৩৫ শতাংশ হৃদৰোগ আৰু ষ্ট্ৰকত আক্ৰান্ত হোৱাৰ সম্ভাৱনা অধিক।
ইয়াৰ পাছত বিগত সময়ছোৱাত অৰ্থনৈতিক মন্দাৱস্থাৰ পিছত মানুহৰ কামৰ সময় বৃদ্ধি হোৱাৰ দৰে, এতিয়া কৰ'না মহামাৰীও দ্বাৰাও একেই প্ৰৱণতা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে বুলি বিজ্ঞানীসকলে আশংকা প্ৰকাশ কৰিছে।
Comments