গুৱাহাটী,২৯ অক্টোবৰ:বৰাকৰ স্বাস্থ্যসেৱা খণ্ডত নতুন মাত্ৰাৰ সংযোজনেৰে কালি শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত প্ৰথমবাৰলৈ সম্পন্ন হ’ল নিউৰ’চাৰ্জিকেল অপাৰেচন । ৰাজ্য চৰকাৰে শেহতীয়াকৈ কেবিনেট সিদ্ধান্তৰে শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ নিউৰ’চাৰ্জাৰী বিভাগৰ বাবে ‘কনছালটেণ্ট’ হিচাপে নিযুক্তি দিয়া বিশিষ্ট নিউৰ’চাৰ্জন ডাঃ সম্বুদ্ধ ধৰৰ নেতৃত্বত চিকিৎসা মহাবিদ্যালয়খনৰ বিশেষ স্নায়ুৰোগ অস্ত্ৰোপচাৰ গোটে চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়খনত বৃহস্পতিবাৰে দুটাকৈ স্নায়ুজনিত অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন কৰে ।
নিউৰ’চাৰ্জন ডাঃ ধৰৰ নেতৃত্বত চিকিৎসা মহাবিদ্যালয়ৰ স্নায়ুৰোগ বিভাগৰ তত্বাৱধায়ক অধ্যাপক ডাঃ বিষ্ণু পিনাক এন জি আৰু ছিনিয়ৰ ৰেছিডেণ্ট চিকিৎসক ডাঃ বিশ্বজিৎ দেৱনাথক লৈ গঠিত স্নায়ুৰোগ বিশেষজ্ঞ-চাৰ্জনৰ দলটোৱে মগজুত আঘাত পোৱা এটি ১২ বছৰীয়া কিশোৰ আৰু এগৰাকী ৪০ বছৰীয়া লোকৰ শৰীৰত সফলতাৰে এই অস্ত্ৰোপচাৰ সম্পন্ন কৰে । অস্ত্ৰোপচাৰ সম্পন্ন হোৱা ৰোগী দুগৰাকীৰ কৰিমগঞ্জ আৰু কাচাৰ জিলাৰ বাসিন্দা ।
আজি জৰুৰী স্নায়ুজনিত অস্ত্ৰোপচাৰ হোৱা কিশোৰগৰাকীয়ে গছৰ পৰা পৰি মূৰত গুৰুতৰ আঘাত পোৱাৰ বিপৰীতে আনগৰাকী লোকক এটা পথ-দুৰ্ঘটনাত পতিত হোৱাৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । এই সফল অস্ত্ৰোপচাৰৰ পাছত সম্প্ৰতি দুয়োগৰাকী ৰোগীৰে স্বাস্থ্য সন্তোষজনক বুলি চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ অধীক্ষক ডাঃ অভিজিৎ স্বামীয়ে সদৰি কৰিছে ।
Comments