গুৱাহাটী, ২৮ অক্টোবৰঃ যদিহে আপুনি ভাবিছে যে ক'ৰনা ভাইৰাছৰ প্ৰভাৱ সমাপ্ত হৈছে, তেন্তে আপুনি সম্পূৰ্ণ ভুল। কিয়নো ক'ৰনা মহামাৰী পুনৰ বিয়পি পৰিছে আৰু যদিহে আপুনি সাৱধানতা অৱলম্বন নকৰে, তেন্তে পৰিস্থিতি আকৌ আগৰ দৰে হৈ পৰিব পাৰে।
বিশেষকৈ ইউৰোপত, সংক্ৰমণৰ ঘটনা যথেষ্ট বৃদ্ধি পোৱাত সমগ্ৰ বিশ্ববাসী আতংকিত হৈ পৰিছে। ইয়াৰ লগতে, বিশ্ব স্বাস্থ্য সংস্থাই উদ্বেগ প্ৰকাশ কৰি কৈছে যে, ইউৰোপ হৈছে বিশ্বৰ একমাত্ৰ মুখ্য অঞ্চল য'ত বিগত সপ্তাহত ক'ৰনা ভাইৰাছত আক্রান্ত ৰোগী আৰু মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে।
বিশ্ব স্বাস্থ্য সংস্থাই লগতে মহামাৰী সন্দৰ্ভত তেওঁলোকৰ সাপ্তাহিক প্ৰতিবেদনত কৈছিল যে, "৫৩ খন ইউৰোপীয় দেশত ক'ভিড আক্রান্ত লোকৰ ঘটনা বৃদ্ধি পাইছে। ইউৰোপত এই সংক্ৰমণৰ ফলত আক্রান্ত লোকৰ মৃত্যুৰ হাৰ ১৪ শতাংশলৈ বৃদ্ধি পাইছে। ইয়াৰ লগতে, মুঠ ১.৬ নিযুত নতুন সংক্ৰমণৰ ঘটনা পোৱা গৈছে আৰু ২১,০০০ ৰো অধিক লোকৰ মৃত্যু হৈছে।
প্ৰতিবেদনত লগতে, কোৱা হৈছে যে বিগত সাত দিনত এই ঠাইসমূহত মুঠ ৫,১৩,০০০ নতুন সংক্ৰমণৰ ঘটনা পোৱা গৈছে।
Comments