গুৱাহাটী, ২৮ অক্টোবৰঃ উত্তৰ কোৰিয়াত খাদ্য সংকটৰ প্ৰভাৱ যথেষ্ট গুৰুতৰ হৈ পৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত উত্তৰ কোৰিয়াৰ একনায়ক তথা ৰাষ্ট্ৰপ্ৰধান কিম জং উনে সাধাৰণ জনতাক কমকৈ খাদ্য গ্ৰহণ কৰাৰ নিৰ্দেশ দিছে। কিম জং-উনে দেশবাসীক ২০২৫ চনলৈ কম পৰিমাণত খাদ্য গ্ৰহণ কৰিব নিৰ্দেশ দিছে, যাতে দেশখন খাদ্য সংকটৰ পৰা ওলাই আহিব পাৰে।
উত্তৰ কোৰিয়াত খাদ্য যোগানত কিছু বাধাৰ সৃষ্টি হৈছে। দেশখনত বাস কৰা লোকসকলৰ তুলনাত খাদ্য আৰু পানীয়ৰ যোগান যথেষ্ট হ্ৰাস পাইছে, যাৰ ফলত খাদ্য সামগ্ৰীৰ মূল্য অধিক হাৰত বৃদ্ধি পাইছে।
ইপিনে, উত্তৰ কোৰিয়াত ক'ৰনা মহামাৰী আৰু বিগত বৰ্ষৰ টাইফুনৰ ফলত জাৰি কৰা নিষেধাজ্ঞাসমূহৰ পৰিপ্ৰেক্ষিতত খাদ্যৰ অভাৱ বৃদ্ধি হৈছে। কিম জং উনে শেহতীয়াকৈ ধাৰাসাৰ বৰষুণৰ ফলত ক্ষতিগ্ৰস্ত হোৱা অঞ্চলসমূহত সাহায্য অভিযান চলাবলৈ সেনাবাহিনীক একত্ৰিত কৰিছিল। ইয়াৰে কিছু বিশেষ সূত্ৰৰ পৰা জানিবলৈ পোৱা অনুসৰি, দুসপ্তাহ পূৰ্বে, তেওঁ চুবুৰীয়া নিৰীক্ষণ গোটৰ এখন সভাত কৈছিল যে, "আমাৰ খাদ্য জৰুৰীকালীন অৱস্থা ২০২৫ চনলৈকে অব্যাহত থাকিব।"
Comments