Classifieds
View All
গুৱাহাটী, ২৮ অক্টোবৰঃ বেলতলা চন্দন নগৰৰ বৃদ্ধ দম্পতী হত্যাকাণ্ডৰ শেহতীয়া ঘটনাক্ৰমত বৃহস্পতিবাৰে পুৱা দিছপুৰ আৰক্ষীয়ে মূল অভিযুক্ত আকাশ চৌধুৰীৰ পত্নী পুতু দাসক ননি গোপাল বৰুৱা আৰু মিনা বৰুৱাৰ হত্যাকাণ্ডৰে জড়িত থকাৰ সন্দেহত আটক কৰে।
বৰ্তমান, পুতু দাসক দিছপুৰ আৰক্ষীয়ে জেৰা চলাই আছে আৰু আজি পুতু দাস গ্ৰেপ্তাৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। ইফালে, আৰক্ষীয়ে বৃদ্ধ দম্পতীহালৰ তত্ত্বাৱধায়ক আকাশ চৌধুৰীক গ্ৰেপ্তাৰ কৰি জেৰা চলাই আছে।
ইয়াৰ লগতে, অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মৃত বৃদ্ধ দম্পতীহালৰ বাসগৃহ পৰিদৰ্শন কৰে আৰু পৰিয়ালৰ সদস্যসকলৰ সৈতে বাৰ্তালাপ কৰে। তেওঁ লগতে হত্যাকাণ্ডৰে জড়িত দোষীক কঠোৰ শাস্তি দিয়া হ'ব আৰু গোচৰটো সোনকালেই সমাধান কৰা হ'ব পৰিয়ালবৰ্গক আশ্বাস প্ৰদান কৰে।
Comments