গুৱাহাটী,২৮ অক্টোবৰ:হায়দৰাবাদস্থিত ভাৰত বায়'টেকে বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা ইয়াৰ স্বদেশী ভাৱে নিৰ্মিত ক'ভিড-১৯ ভেকছিন ‘কভাক্সিন’ৰ জৰুৰীকালীন ব্যৱহাৰৰ অনুমোদন পাবলৈ আৰু কিছু সময় অপেক্ষা কৰিব লাগিব। ক'ভাক্সিনে ইমাৰজেঞ্চি ইউজ লিষ্টিং(EUI) প্ৰাপ্ত কৰাৰ পিছত ভেকছিনটো নিম্ন আৰু মধ্য-আয়ৰ দেশবোৰলৈ বিতৰণৰ বাবে যোগ্য বুলি বিবেচনা কৰা হ’ব।
কভাক্সিনৰ বৰ্তমানৰ তথ্য পৰ্যালোচনা কৰিবলৈ ইয়াৰ কাৰিকৰী পৰামৰ্শদাতা গোটৰ বৈঠকত,বিশ্ব স্বাস্থ্য সংস্থাই জৰুৰীকালীন ব্যৱহাৰৰ বাবে ভেকছিনৰ পৰামৰ্শ দিয়াৰ আগতে চূড়ান্ত ইমাৰজেঞ্চি ইউজ লিষ্টিঙ মূল্যাংকনৰ বাবে ভাৰত বায়োটেকৰ পৰা অতিৰিক্ত স্পষ্টীকৰণ বিচাৰিছিল।
কাৰিকৰী পৰামৰ্শদাতা গোটৰ পৰৱৰ্তী বৈঠক ৩ নৱেম্বৰত অনুষ্ঠিত হ’ব। ভাৰত বায়োটেকে কভাক্সিনৰ জৰুৰীকালীন ব্যৱহাৰ তালিকাভুক্তিৰ (EUL) ৰ বাবে ১৯ এপ্ৰিলত বিশ্ব স্বাস্থ্য সংস্থাৰ ওচৰত ইঅআই (Expression of Interest) দাখিল কৰিছিল।
জৰুৰীকালীন ব্যৱহাৰ তালিকাভুক্তিৰ বাবে কাৰিকৰী পৰামৰ্শদাতা গোট হৈছে এক স্বতন্ত্ৰ পৰামৰ্শদাতা গোট যি ইইউএল প্ৰক্ৰিয়াৰ অধীনত জৰুৰীকালীন ব্যৱহাৰৰ বাবে ক'ভিড-১৯ ভেকছিন এটা তালিকাভুক্ত কৰিব পাৰিনে সেই বিষয়ে বিশ্ব স্বাস্থ্য সংস্থাক পৰামৰ্শ প্ৰদান কৰিব।বিশ্ব স্বাস্থ্য সংস্থাই কৈছিল যে তেওঁলোকে এই সপ্তাহৰ শেষৰ ফালে ভাৰত বায়'টেকৰ পৰা এই স্পষ্টীকৰণসমূহ প্ৰাপ্ত কৰিব বুলি আশা কৰিছে।
Comments