গুৱাহাটী, ২৮ অক্টোবৰঃ যোৱা ২৫ অক্টোবৰত বেলতলাৰ চন্দন নগৰত সংঘটিত লোমহৰ্ষক হত্যা কাণ্ডটোৰ পিচত জ্যেষ্ঠ নাগৰিকসকলৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ ক্ষেত্ৰত বহু প্ৰশ্নই উত্থাপিত হৈছে। আন সকলো বিষয়ৰ চিন্তা-চৰ্চা সতকাই হৈ থাকিলেও বৃদ্ধাৱস্থাৰ একাকীত্বৰ সমস্যাকলৈ বৰ বেছি চৰ্চা হোৱা দেখা নাযায়। কেৱল সাহিত্যৰ মাজতহে তাৰ অনুভৱ ব্যক্ত হোৱা দেখা যায়। বাৰ্ধক্যৰ সমস্যা এক সাৰ্বজনীন সত্য। এই সমস্যাৰ পৰা হাতসৰাৰ কাৰো কোনো উপায় নাই। এই কথা অপ্ৰিয় হ’লেও সত্য যে সদায় সন্তানে মাক-দেউতাকক বৃদ্ধ বয়সত চোৱা-চিতা কৰিব নোৱাৰিবও পাৰে। ইচ্ছা থাকিলেও বহু সময়ত সি সম্ভৱ হৈ নুঠে। সকলোৱেই যিহেতু বৃদ্ধাৱস্থাৰ মাজেদি জীৱন আগুৱাই নিব লাগিব বিয়া নোহোৱাকৈ থকা, সন্তানহীন অথবা পৰিয়ালৰ অন্যকোনো নথকাসকলৰ কথাও এনে চিন্তাৰ ভিতৰত সুমুৱাব লাগিব। সেয়েহে পৃথিৱীৰ বিভিন্ন দেশত জ্যেষ্ঠ নাগৰিকসকলৰ জীৱনৰ সুৰক্ষাৰ বাবে বিভিন্ন ধৰণৰ উপায় উলিওৱা হৈছে।
ভাৰতত বৃদ্ধাৱস্থাৰ সহায়ৰ বাবে যিবোৰ চৰকাৰী আঁচনি বা সা-সুবিধাৰ ব্যৱস্থা আছে সেইবোৰ কেৱল দাৰিদ্ৰ্য সীমাৰেখাৰ তলৰ লোকসকলৰ কথা চিন্তা কৰিহে ৰূপায়ন কৰা হৈছে য’ত তেওঁলোকৰ বাবে কেৱল ন্যূনতম সুবিধা প্ৰদান কৰাত গুৰুত্ব দিয়া হৈছে। আন যি দুই এটা বৃদ্ধাৱস্থাত উপলব্ধ কৰিব পৰা ঋণ বা আৰ্থিক সুবিধাৰ ব্যৱস্থা পুনৰ সংশোধিত জ্যেষ্ঠ নাগৰিকৰ জীৱনৰ গুণগত মান উন্নয়নৰ অৰ্থে কেন্দ্ৰীয় আঁচনি(Integrated Programme for Senior Citizens-A central sector scheme to improve the quality of life of the Senior Citizens)খনত অন্তৰ্ভূক্ত কৰা হৈছে তাৰ কোনো প্ৰচাৰ বা প্ৰসাৰ নোহোৱাৰ বাবে সাধাৰণ মানুহে তাৰ ভূ নাপায়।
আৰ্থিক অৱস্থা নিৰ্বিশেষে বৃদ্ধাৱস্থাৰ বহু সমস্যা সকলোৰে বাবে একেই। সেয়েহে চৰকাৰে দাৰিদ্ৰ্য সীমাৰেখাৰ তলৰ লোকৰ বাবে বৃদ্ধাশ্ৰম নিৰ্মাণ কৰাৰ দৰে ব্যক্তিগত বা সামূহিক প্ৰচেষ্টাত বৰ্তমান ভাৰততো পুণে, বাংগালুৰুৰ দৰে মহানগৰত গঢ় লৈ উঠিছে বৃদ্ধসকলৰ বাবে বিশেষ সুবিধাৰে বিশেষ আৱাস। অসমতো তেনে সামাজিক ব্যৱস্থাৰ কথা চিন্তা কৰিবৰ হৈছে নেকি? এনে কিছু প্ৰশ্ন লৈ জনমভূমিৰ হৈ কেইজনমান বিশিষ্ট নাগৰিকক কেইটামান প্ৰশ্ন সোধা হৈছিল।
হেল্প এইজ ইণ্ডিয়া (Help Age India) নামৰ জ্যেষ্ঠ নাগৰিকৰ সেৱাত ব্ৰতী বেচৰকাৰী সংস্থাটোৰ গুৱাহাটীস্থ এজন কৰ্মীয়ে কয় যে, বৃদ্ধাৱস্থাৰ আৱেগিক, মনঃসামাজিক তথা আন তেনে সমস্যাকলৈ বিশেষ কোনো তথ্য সংগ্ৰহ বা গৱেষণা আজিলৈকে হোৱা নাই। বৃদ্ধাৱস্থাৰ যতন দিয়া(care giving)ৰ ক্ষেত্ৰত চৰকাৰৰ কোনো নীতি বা সাহায্যমূলক হস্তক্ষেপৰ ব্যৱস্থা বা চিন্তা চৰ্চা নাই। চৰকাৰৰ কেৱল এটা বিভাগ ‘সমাজ কল্যাণ’ৰ ওপৰতে সমাজৰ সকলো কল্যাণমূলক কামৰ ভাৰ এৰি দিয়া হৈছে, যিটো বিভাগটোৰ বাবে এক প্ৰত্যাহবান স্বৰূপ হৈ পৰিছে।
অসমৰ সকলোৰে বাবে পৰিচিত নাম জ্যেষ্ঠ সাংবাদিক তথা গুৱাহাটীৰ জ্যেষ্ঠ নাগৰিক সন্থাৰ সভাপতি শ্ৰী যুত ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীয়ে পৰামৰ্শ আগবঢ়ায় যে- জ্যেষ্ঠ নাগৰিকসকলৰ প্ৰতি পৰিয়াল, সমাজ আৰু চৰকাৰ এই আটাইকেইটা পক্ষৰে দ্বায়িত্ব আছে। বৃদ্ধাৱস্থাত একাকীত্বৰ সমস্যা নগৰাঞ্চলত বেছি। গাৱঁত মানুহে ইজনে-সিজনৰ খবৰ লয়, আহ-যাহ কৰে, জ্যেষ্ঠসকলক গ্ৰাম্যসমাজত আগভাগ দিয়া হয়। তাৰ বিপৰীতে, নগৰ-মহানগৰবোৰত গঢ় লৈ উঠা ফ্লেটবোৰত বাসকৰা বৃদ্ধসকলৰ বাবে সমাজ জীৱন শূন্য হৈ পৰে। কাৰো আন কাৰোবাৰ খবৰ ল’বলৈ সময় নাথাকে। সেয়েহে নগাঞ্চলত বাসকৰা বৃদ্ধসকল বেছি অকলশৰীয়া হৈ পৰে। নগৰীয়া মানুহে একাকীত্বৰ জীৱন শৈলী পৰিহাৰ কৰি এক সুস্থ সামাজিক জীৱন গঢ়ি তোলাৰ প্ৰয়োজন যাতে কোনোৱেই অকলশৰীয়া অনুভৱ নকৰে আৰু ইজনে-সিজনৰ সহায়ক হয়। বৃদ্ধসকলক অন্তৰ্ভুক্ত কৰি উৎসৱ –পাৰ্বন উদযাপন কৰিব লাগে। নিশাৰ নিৰাপত্তাৰ বাবে আৰক্ষীৰ তহলৰ প্ৰয়োজন। অসমত প্ৰায় ৩০ লাখ ৬০ৰোৰ্ধৰ লোক আছে। তেওঁলোকৰ তথ্য সংগ্ৰহ কৰি অকলশৰীয়াকৈ থকা বৃদ্ধলোকসকলৰ আৱাসত মাজে-মধ্যে আৰক্ষীৰ লোক উপস্থিত হৈ তেওঁলোকৰ কুশল বাৰ্তা লোৱাৰ দৰকাৰ। তেনে কৰিলে অকলশৰীয়া বৃদ্ধলোকসকলে মনত সাহস পাব। (পৰৱৰ্তী মন্তব্য আগলৈ)
Comments