গুৱাহাটী, ২৭ অক্টোবৰঃ অভিষেক কাপুৰৰ 'চণ্ডিগড় কেৰে আশিকী', অনুভৱ সিনহাৰ 'এনেক', অনুভূতি কাশ্যপৰ 'ডক্টৰ জি' আৰু নৱাগত অনিৰুদ্ধ আয়াৰে পৰিচালনা কৰা 'একচন হিৰো'কে ধৰি এক সুন্দৰ লাইন-আপ থকা বলীউড অভিনেতা আয়ুষ্মান খুৰানা এজন সুদক্ষ অভিনেতাৰ হোৱাৰ লগতে মানুহক মনোৰঞ্জন দি অহাতো সক্ষম হৈছে।
এই বিষয় সন্দৰ্ভত আয়ুষ্মানে নিজ মুখে কয় যে, "দৰ্শকক অনুপ্ৰাণিত কৰিবলৈ কিছুমান বাস্তৱ কাহিনী আৰু প্রতিভাসম্পন্ন গল্পকাৰৰ সৈতে সহযোগিতা কৰাটো মোৰ বাবে যথেষ্ট ৰোমাঞ্চকৰ কথা। মোৰ বলীউডৰ জগতত আত্মপ্ৰকাশ হোৱাৰ পিছৰে পৰা কিছুমান উল্লেখযোগ্য চিত্ৰনাট্য লাভ কৰা আৰু সমাজত পৰিৱৰ্তন আনিব বিচৰা শক্তিশালী চিনেমা নিৰ্মাতাসকলৰ অবিশ্বাস্য দৰ্শনৰ অংশ হোৱাৰ বাবে মই নিজকে যথেষ্ট সৌভাগ্যৱান বুলি ভাবো।
এই চিনেমাসমূহৰ গল্পকাৰসকলৰ কিছুমান উজ্জ্বল ধাৰণা আছে, যিবোৰ মানুহে আগতে চিনেমাৰ পৰ্দাত কেতিয়াও দেখিবলৈ পোৱা নাছিল।" ৩৭ বছৰীয়া অভিনেতাজনে নিজকে এজন মনোৰঞ্জনকাৰী বুলি গণ্য কৰে, কিয়নো তেওঁ সদায়ে তেওঁৰ চিনেমাসমূহৰ জৰিয়তে সমাজলৈ এক যোগাত্মক বাৰ্তা প্ৰেৰণ কৰি আহিছে।
Comments