Choose Language

  • All  
  • English
  • অসমীয়া
0
0
6531

সমীৰ ৱানখেডেৰ বিবাহ সম্পন্ন কৰা মৌলানাই প্ৰকাশ কৰিলে ১৫ বছৰীয়া পুৰণি তথ্য


Published on October 27, 2021 | News Source: অৰূপ ডেকা
Share This Page
Related Stories

সমীৰ ৱানখেডে আৰু শ্বাহৰুখ খানৰ ১০ বছৰীয়া পুৰণি সম্পৰ্কৰ বিশেষ কাহিনী


Published on October 27, 2021|News Source : অৰূপ ডেকা


গুৱাহাটী, ২৭ অক্টোবৰঃ শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানক গ্ৰেপ্তাৰ কৰা এনচিবি বিষয়াজনৰ বিষয়ে বহুত কথা কোৱা হৈছে। নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰো (এনচিবি)ৰ আঞ্চলিক সঞ্চালক সমীৰ ৱানখেডে এতিয়া বিতৰ্কত লিপ্ত হৈ পৰিছ। ইপিনে, এনচিপি নেতা নৱাব মালিকে সমীৰ ৱানখেডেৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।

সমীৰৰ নেতৃত্বত ড্ৰাগছৰ ক্ষেত্ৰত সঘনাই অভিযান চলাই থকা হৈছে। সমীৰৰ নেতৃত্বত হাই প্ৰফাইল ৰেভ পাৰ্টি ড্ৰাগছ গোচৰৰ তদন্ত ক্ষীপ্ৰ গতিত চলি আছে। ইয়াৰ লগতে, সমীৰৰ ব্যক্তিগত আৰু পেছাদাৰী দুয়োটা জীৱন এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে। ইপিনে, সকলোকে আচৰিত কৰা কথাটো হ'ল, সমীৰ আৰু শ্বাহৰুখ খানে পূৰ্বৰে পৰা ইজনে সিজনৰ লগত চাঁ-চিনাকী আছে।

এক বিশেষ প্ৰতিবেদনত প্ৰকাশিত তথ্য অনুসৰি, ১০ বছৰ আগতে, অৰ্থাৎ ২০১১ চনত সমীৰ ৱানখেডেই শ্বাহৰুখ খানৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰিছিল।দৰাচলতে, শ্বাহৰুখ খানে যেতিয়া লণ্ডন আৰু হ'লেণ্ডৰ পৰা তেওঁৰ পৰিয়ালৰ সৈতে ছুটিৰ দিন অতিবাহিত কৰি ভাৰতলৈ উভতি আহিছিল, সেই সময়ত সমীৰ ৱানখেডে শুল্ক বিভাগত কৰ্মৰত আছিল। তেওঁ শ্বাহৰুখ খানক বিমানবন্দৰত ৰখাইছিল। শ্বাহৰুখক বাধা দিয়াৰ আঁৰত সমীৰ ৱানখেডেৰ এটা কাৰণ আছিল যে, শ্বাহৰুখ খানে তেওঁৰ লগত ২০ টা মোনা লৈ আহিছিল। 

সমীৰ ৱানখেডে এই গোচৰটোত শ্বাহৰুখ খানক দীৰ্ঘদিন ধৰি প্ৰশ্ন কৰিছিল। তেওঁ শ্বাহৰুখ খানৰ ওপৰত সামগ্ৰী সীমাৰ বাহিৰত অনাৰ বাবে ১.৫ লাখ টকাৰ জৰিমনা আৰোপ কৰিছিল। গোচৰটো সমাপ্ত হোৱাৰ পিছত, দুয়োজনে পুনৰ ১০ বছৰৰ অন্তত ইজনে সিজনৰ মুখামুখি হৈছে। কিয়নো, সমীৰ ৱানখেডে এইবাৰ শ্বাহৰুখ পুত্ৰ আৰিয়ানক ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ কৰিছে।

Cartoon
View Older

 

December 1, 2021


Entertainment
View Older


From Our Archive

Create Account