গুৱাহাটী, ২৭ অক্টোবৰঃ যোৱা ২৫ অক্টোবৰ তাৰিখে গুৱাহাটীৰ বেলতলাৰ চন্দন নগৰত সংঘটিত হোৱা বৃদ্ধ দম্পত্তিৰ নৃশংস হত্যাকাণ্ডই সকলোৰে মন-মগজু জোকাৰি গৈছে। এনে ধৰণৰ জ্যেষ্ঠ নাগৰিকক নিৰ্মমভাৱে হত্যা কৰাৰ ঘটনা দিল্লী, মুম্বাই, কলকাতাৰ দৰে বৃহৎ মহানগৰত সংঘটিত হোৱাৰ কথা আগতে বাতৰি কাকতত পোৱা গৈছিল। কিন্তু লাহে লাহে এনে ঘটনা অসমতো ঘটিবলৈ আৰম্ভ হৈছে।
২০১৬ চনত গুৱাহাটীৰ চাইমন হাউচৰ স্বত্বাধীকাৰ কনক চৌধুৰীক নিজৰ কেয়াৰটেকাৰ পৰিয়ালটোৱে নৃশংসভাৱে হত্যা কৰি দূৰ্ঘটনাৰ ৰূপ দিবলৈ চেষ্টা কৰিছিল। কনক চৌধুৰীক হাতুৰীৰে মূৰত মৰিয়াই মাৰি মৃত দেহ বিচনাত শুৱাই কোঠাত তলামাৰি ঘৰত জুই জ্বলাই দিয়া হৈছিল। তেওঁৰ চি চি টিভি আৰু ৰিভলভাৰ হত্যাকাৰীয়ে নি ভৰলু আৰু বশিষ্ট নদীত পেলাই দিছিল।
যোৱা ২০২০ চনৰ নৱেম্বৰ মাহত তেজপুৰৰ পটিয়া চুবুৰীতো ঘটিছিল এনে এক ঘটনা। আমেৰিকাৰ পৰা আহি ভাৰততে কৰ্মজীৱন শেষ কৰি ভাৰতীয় নাগৰিকত্ব গ্ৰহণ কৰা ব্ৰায়ান আৰিজ আৰু তেওঁৰ অসমীয়া পত্নীক হত্যা কৰি ঘৰৰ সকলো মূল্যৱান সামগ্ৰী লৈ গৈছিল। দুদিন তেওঁলোকক ওলোৱা সোমোৱা কৰা দেখা নাপাই সন্দেহ বশতঃ ওচৰ চুবুৰীয়াই পুলিচত খবৰ দিছিল। পুলিচে লণ্ড-ভণ্ড হৈ থকা ঘৰ আৰু মৃত দেহ দুটা পাইছিল।
ভাৰতৰ জনসংখ্যাৰ বৃহৎ সংখ্যক যুৱ প্ৰজন্মৰ হোৱা বাবে ভাৰতে ‘য়াং নেশ্বন’ (Young Nation) বুলি গৰ্ব কৰে আৰু ভৱিষ্যতৰ সম্ভাৱনাৰ পৃথিৱীখনত ভাৰতৰ স্থান অতি গুৰুত্বপূৰ্ণ সেই কাৰণেই। আনহাতেদি এই কথা অনস্বীকাৰ্য্য যে ভাৰতত জ্যেষ্ঠ নাগৰিকৰ সংখ্যাও ক্ৰমে বৃদ্ধি পাই আহিছে। ভাৰতত ১৯৫১ চনত জ্যেষ্ঠ নাগৰিকৰ সংখ্যা আছিল ৭.৮ কোটি। ২০০১ চনৰ লোকপিয়ল অনুসৰি সেই সংখ্যা বৃদ্ধি হৈ ১.৯৮ হয় আৰু ২০১১ চনত সেই সংখ্যা ১০.৩৮ কোটিলৈ বৃদ্ধি হয়। ২০২১ চনত ৬০ৰোৰ্দ্ধৰ ভাৰতীয়ৰ সংখ্যা ১৪.৩ কোটি আৰু ২০২৬ চনত সেই সংখ্যা ১৭.৩ কোটি হ’বগৈ বুলি অনুমান কৰা হৈছে। বিগত সময়চোৱাঁত স্বাস্থ্য সেৱাৰ উন্নতি হোৱাৰ বাবে সাধাৰণ মানুহৰ জীৱনকাল বৃদ্ধি হৈছে। ই সময় আৰু সভ্যতাৰ এক অন্যতম প্ৰাপ্তি।
দীৰ্ঘ জীৱন কালৰ লগতে জ্যেষ্ঠসকলৰ বাবে সুৰক্ষিত, মৰ্যাদাসম্পন্ন আৰু উৎপানক্ষম জীৱন সুনিশ্চিত কৰাটো এক বৃহৎ প্ৰত্যাহ্বান। বিশ্বায়ন তথা বিভিন্ন আৰ্থসামাজিক কাৰণত অতীজৰ পৰা ভাৰতীয় সমাজ ব্যৱস্থাত প্ৰচলিত যৌথ পৰিয়ালৰ ঠাই এতিয়া একক পৰিয়ালে ল’লে। সেয়েহে ক্ৰমান্বয়ে জ্যেষ্ঠসকল আবেগিক, বাস্তৱিক বস্তুগত আৰু অৰ্থনৈতিক সমস্যাৰ মুখামুখি হোৱা পৰিলক্ষিত হৈছে। এনে এক প্ৰেক্ষাপটত ভাৰত চৰকাৰে বৃদ্ধ বয়সৰ নাগৰিক সকলৰ বাবে বহু আঁচনি গ্ৰহণ কৰা দেখা গৈছে। ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে বিশেষকৈ অৰ্থনৈতিক ভাৱে পিচপৰা অৰ্থাৎ দাৰিদ্ৰ্য সীমাৰেখাৰ তলৰ জ্যেষ্ঠ নাগৰিকসকলৰ বাবে ন্যূনতম স্বাস্থ্যসেৱা তথা অৰ্থনৈতিক সাহায্যৰ বাবে বহু কেইখন আঁচনি গ্ৰহণ কৰিছে। তাৰে ভিতৰত ২০১৮ চনত পুনৰ সংশোধিত জ্যেষ্ঠ নাগৰিকৰ জীৱনৰ গুণগত মান উন্নয়নৰ অৰ্থে কেন্দ্ৰীয় আঁচনি(Integrated Programme for Senior Citizens-A central sector scheme to improve the quality of life of the Senior Citizens)খনত অন্তৰ্ভূক্ত কৰা সা-সুবিধা সমূহ উল্লেখযোগ্য।
উল্লেখ্য যে, এই আঁচনি সমূহৰ উদ্দেশ্য হ’ল জ্যেষ্ঠ নাগৰিকসকলক খাদ্য, আশ্ৰয়, চিকিৎসা যতন, আৰু মনোৰঞ্জনৰ ন্যূনতম সুবিধা প্ৰদানৰ জড়িয়তে সক্ৰিয় আৰু উৎপাদনশীল বৃদ্ধাৱস্থাৰ মাজেৰে আগুৱাই যাবলৈ উৎসাহিত কৰা। এই আঁচনি সমূহত ৰাজ্য চৰকাৰ তথা কেন্দ্ৰ শাসিত অঞ্চলসমূহৰ অংশগ্ৰহণ আৰু দ্বয়িত্বৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হৈছে। সেয়েহে অসমৰ বিগত সোণোৱাল চৰকাৰৰ সময়ত ২০১৯ চনত বিধান সভাত গৃহীত হোৱা ‘প্ৰণাম’(Parents Responsibility and Norms for Accountability and Monitoring)আয়োগ ২০২০ চনত স্থাপন কৰি কাৰ্য্যকৰী কৰা হয়। এই আয়োগৰ মূল কাম হ’ল ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক বৃদ্ধ পিতৃ-মাতৃ তথা মানসিক বা শাৰীৰিকভাৱে অক্ষম ভাতৃ-ভগ্নীৰ তত্বাৱধান ল’বলৈ বাধ্য কৰোৱা।
কিন্তু, পুনৰ আৰম্ভনিতে উল্লেখ কৰা ঘটনা কেইটালৈ মন কৰিলে দেখা যায় যে, সেই ঘটনা কেইটাৰ বলি কেইজন আৰ্থিক ভাৱে স্বচ্ছল আছিল। এতিয়া কথা হ’ল-যি খন চৰকাৰে জ্যেষ্ঠ নাগৰিকৰ জীৱনৰ সুৰক্ষাৰ প্ৰদানৰ লগতে উৎপাদনক্ষম বৃদ্ধাৱস্থা আৰু বৃদ্ধাৱস্থাৰ অভিজ্ঞতাৰ মূল্যৰ কথা বিভিন্ন আঁচনিৰ মাজেদি বাৰে বাৰে উত্থাপন কৰি আহিছে তাৰ মাজত এনেকুৱা আৰ্থিক ভাৱে চৰকাৰৰ সাহায্য আঁচনিৰ সহায় ল’বলগীয়া নোহোৱা জ্যেষ্ঠ নাগৰিকসকলৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষা প্ৰদানৰ বাবে বৰ্তমান কি কি ব্যৱস্থা আছে?
বৰ্তমান গাওঁ বা চহৰ সকলোতে বৃদ্ধ বা বয়োজ্যেষ্ঠ পিতৃ-মাতৃ অকলে থাকিবলৈ বাধ্য হৈছে। জীৱিকা, ব্যৱসায় অথবা পঢ়া-শুনা আদি বিভিন্ন কাৰণত যুৱ প্ৰজন্মই নিজা ঠাই এৰি আন ঠাইত থাকিব লগীয়া হয় যাৰ কোনো গত্যন্তৰ নাই। এনেদৰে অকলশৰে থাকিবলগীয়া হোৱা জ্যেষ্ঠসকলৰ সামাজিক সুৰক্ষা কি দৰে সুনিশ্চিত কৰিব পৰা যায় তাক চিন্তা কৰাৰ সময় সমাগত। সমাজ আৰু চৰকাৰ সকলোৱেই এই ক্ষেত্ৰত হাত উজান দিব লাগিব।
Comments