গুৱাহাটী,৩১ অক্টোবৰ:টেলিভিশ্বন জগতৰ অন্যতম জনপ্ৰিয় হাস্যকৰ অনুষ্ঠান 'দ্য কপিল শৰ্মা শ্ব'য়ে সকলো শ্ৰেণীৰ দৰ্শককে সদায়ে আমোদ দি আহিছে। ছবিজগতৰ বহুকেইগৰাকী জনপ্ৰিয় তাড়কাৰ লগতে এই অনুষ্ঠানটোলৈ বহুবাৰ আমন্ত্ৰণ জনোৱা হৈছে বিভিন্ন ক্ৰীড়াৰ জৰিয়তে দেশলৈ গৌৰৱ কঢ়িয়াই অনা খেলুৱৈসকলক।
শ্ব'টোৰ শেহতীয়া খণ্ডত অতিথি হিচাপে উপস্থিত আছিল কিংবদন্তি ক্ৰিকেটাৰ বীৰেন্দ্ৰ ছেহৱাগ আৰু মহম্মদ কাইফ। অনুষ্ঠানৰ আঁত ধৰা কপিল শৰ্মাৰ বিভিন্ন খুহুটীয়া প্ৰশ্নৰ উত্তৰৰ লগতে ক্ৰিকেটৰ হাস্যমধুৰ ঘটনা তথা দৈনন্দিন জীৱনত সংঘটিত হৈ থকা হাস্যকৰ ঘটনাসমূহৰো বৰ্ণনা কৰে দুইগৰাকী খেলুৱৈয়ে।
ভাৰতীয় দলৰ প্ৰাক্তন ক্ৰিকেটাৰ বীৰেন্দ্ৰ ছেহৱাগ হৈছে আটাইতকৈ আমোদজনক খেলুৱৈসকলৰ মাজৰ অন্যতম যি নিজৰ কৌতুকধৰ্মী মন্তব্যৰ জৰিয়তে সকলোৰে মাজত সদায়ে জনপ্ৰিয় হৈ আহিছে । মহম্মদ কাইফৰ সৈতে দ্য কপিল শৰ্মা শ্ব'ত উপস্থিত থাকিও নিজৰ খুহুটীয়া মন্তব্যৰে দৰ্শকক আকৰ্ষিত কৰিবলৈ সক্ষম হয় ক্ৰিকেটাৰগৰাকীয়ে।
কপিল শৰ্মাৰ এক প্ৰশ্নৰ উত্তৰত ছেহৱাগে কয় যে, ক্ৰিকেটাৰসকলৰ মাজৰ তেওঁ এগৰাকী ব্যক্তি যিয়ে ইংৰাজী ভাষা উন্নত কৰিবলৈকে তেওঁৰ পত্নীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। এই তালিকাত, হৰভজন সিং, যুৱৰাজ সিঙৰ নামো উল্লেখ কৰে ক্ৰিকেটাৰগৰাকীয়ে। আনহাতে ক্ৰিকেটাৰ কপিল দেৱেও পত্নীৰ পৰা ইংৰাজী ভাষা শিকাৰ লক্ষ্যৰেই বিয়া কৰোৱাৰ কথা উল্লেখ কৰে ছেহৱাগে। এই ভিডিঅ' ছ'চিয়েল মিডিয়াত আপলোড হোৱাৰ পাছতেই যথেষ্ট ভাইৰেল হৈ পৰিছে ভিডিঅ'টো।
উল্লেখযোগ্য যে, ২০০১ চনত ভাৰতীয় ক্ৰিকেট দলত স্থান লাভ কৰাৰ প্ৰায় তিনিবছৰৰ পিছতে ২০০৪ চনত আৰতি আহলাৱতৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল ছেহৱাগ। আনহাতে, হৰভজন সিঙে প্ৰাক্তন অভিনেত্ৰী গীতা বাসৰাৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ বিপৰীতে ২০১৬ চনত হেজেল কিচক বিয়া কৰাইছিল যুৱৰাজ সিঙে। 'দ্য কপিল শৰ্মা শ্ব'ত ছেহৱাগৰ এই মন্তব্যই ছ'চিয়েল মিডিয়াত হাঁহিৰ খোৰাক যোগাইছে সকলোকে।
Comments