গুৱাহাটী,৩১ অক্টোবৰ:অৰুণাচল প্ৰদেশৰ কামেং নৈত হঠাৎ হাজাৰ হাজাৰ মৃত মাছ ওপঙি উঠা ঘটনাই চিন্তিত কৰি তুলিছে সকলোকে। নৈৰ পানী আকস্মিকভাৱে ক'লা হৈ পৰাৰ ফলত মৃত অৱস্থাত পোৱা গৈছিল হাজাৰ হাজাৰ মাছ। যাৰ ফলত সমগ্ৰ অঞ্চলজুৰি আতংকময় পৰিৱেশৰ সৃষ্টি হয়। ইফালে, হঠাৎ কিয় নৈখনৰ পানী ক'লা হৈ পৰিছিল তাৰ কাৰণ বৰ্তমানেও সঠিককৈ জানিব পৰা হোৱা নাই।
তথ্য অনুসৰি, নৈত বিষাক্ত দ্ৰৱীভূত পদাৰ্থৰ পৰিমাণ বৃদ্ধি হোৱাৰ ফলতে নৈৰ পানীৰ ৰং সলনি হোৱাৰ লগতে হাজাৰ হাজাৰ মাছৰ মৃত্যু হৈছে। জিলা মীন উন্নয়ন বিষয়া হালি তাজোৱে কয় যে, 'শুকুৰবাৰে জিলা সদৰ চেপ্পাৰ কামেং নৈত হাজাৰ হাজাৰ মাছ মৃত অৱস্থাত পোৱা গৈছে। প্ৰাথমিক তথ্য অনুসৰি, নৈত বিষাক্ত দ্ৰৱীভূত পদাৰ্থৰ উপস্থিতিয়ে মাছৰ শ্বাস-প্ৰশ্বাসত সমস্যাৰ সৃষ্টি কৰাৰ ফলতে নৈখনত বৃহৎ সংখ্যক মাছৰ মৃত্যু হয়।'
ইফালে, এই মৃত মাছবোৰ কাকো ভক্ষণ নকৰিবলৈ বাৰে বাৰে আহ্বান জনাইছে বিষয়াগৰাকীয়ে কাৰণ ইয়াৰ ফলত স্বাস্থ্যৰ গুৰুতৰ সমস্যাৰো সৃষ্টি হ'ব পাৰে। আনহাতে, চুবুৰীয়া দেশ চীনৰ সীমান্তৰ সিপাৰে চলোৱা নিৰ্মাণ কাৰ্যৰ বাবে বিষাক্ত দ্ৰৱীভূত পদাৰ্থ বৃদ্ধি হোৱা বুলি চেপ্পাৰ বাসিন্দাসকলে চীনক দোষাৰোপ কৰিছে।
উল্লেখ্য যে, ইষ্ট চেপ্পাৰ বিধায়ক তাপুক টাকুৱে ৰাজ্য চৰকাৰক কামেং নৈৰ পানীৰ ৰঙৰ আকস্মিক পৰিৱৰ্তন আৰু বৃহৎ পৰিমাণৰ মাছৰ মৃত্যুৰ কাৰণ বিচাৰিবলৈ তাৎক্ষণিকভাৱে বিশেষজ্ঞৰ এখন কমিটী গঠন কৰিবলৈ আহ্বান জনাইছে।
Comments