গুৱাহাটী,১ নৱেম্বৰ : অত্যাৱশ্যকীয় সামগ্ৰীয়ে হওক নতুবা ইন্ধনৰ মূল্যই হওক, এতিয়া মূল্যবৃদ্ধি শব্দটো ভাৰতবাসীৰ বাবে তেনেই পৰিচিত হৈ পৰিছে ৷ বজাৰত সকলো সামগ্ৰীৰ জুই চাই দাম অব্যাহত থকাৰ মাজতে ধাৰাবাহিকভাৱে বৃদ্ধি হৈয়ে আছে ইন্ধনৰ মূল্য ৷
সোমবাৰে সমগ্ৰ দেশতে একেৰাহে ষষ্ঠ দিনৰ বাবে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য বৃদ্ধি কৰা হৈছিল ৷ দেশৰ ৰাজধানী চহৰ নতুন দিল্লীত সোমবাৰৰ দিনটোত প্ৰতি লিটাৰত ৩৫ পইচা বৃদ্ধিৰ সৈতে, পেট্ৰ'লৰ মূল্যই স্পৰ্শ কৰিছে ১০৯.৬৯ টকা আনহাতে ডিজেলৰ মূল্য বৃদ্ধি হৈ হৈছেগৈ ৯৮.৪২ টকালৈ ৷ মুম্বাইত পেট্ৰ'ল-ডিজেলৰ মূল্য প্ৰতি লিটাৰত ক্ৰমান্বয়ে ১১৫.৫০ টকা আৰু ১০৬.৬২ টকালৈ বৃদ্ধি কৰা হৈছে ।
দেশৰ অন্যতম গুৰুত্বপূৰ্ণ মহানগৰ হিচাপে পৰিচিত কলকাতাত আজিৰ দিনটোত প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য ১১০.৩৫ টকা হোৱাৰ বিপৰীতে ডিজেলৰ মূল্য হৈছে ১০১.৫৬ টকা ৷ একেদৰে চেন্নাইত এই মূল্য হৈছে ১০৬.৩৫ টকা প্ৰতি লিটাৰ পেট্ৰ’লত আৰু ১০২.৫৯ টকা প্ৰতি লিটাৰ ডিজেলত ৷পূৰ্বে কোৱাৰ দৰে, কেন্দ্ৰীয় চৰকাৰে তেলৰ যোগান আৰু চাহিদা সন্দৰ্ভত আগশাৰীৰ কেইবাখনো তেল ৰপ্তানিকাৰী দেশৰ সৈতে বিষয় সন্দৰ্ভত অব্যাহত ৰাখিছে আলোচনা ৷ কিন্তু মূল্য হ্ৰাসৰ ক্ষেত্ৰত এতিয়ালৈ লাভ কৰা নাই কোনো সেউজ সংকেত ৷আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খাৰুৱা তেলৰ মূল্য বৃদ্ধি হোৱাৰ লগে লগে দেশৰ পেট্ৰ'লিয়াম মন্ত্ৰনালয়ে চৌদি আৰৱ, কুৱেইট, ৰাছিয়া আদি বহুতো দেশৰ শক্তি মন্ত্ৰালয়ক বিষয় সন্দৰ্ভত অধিক আলোচনা কৰাৰ বাবে আহ্বান জনোৱা বুলি মন্ত্ৰালয়ৰ এক সূত্ৰই প্ৰকাশ কৰিছে ৷
Comments