গুৱাহাটী,১ নৱেম্বৰ:ক'ভিড মহামাৰীয়ে বিধস্ত কৰা অৰ্থনীতিক পুনৰুদ্ধাৰৰ বাবে বিশ্বৰ প্ৰত্যেকখন ৰাষ্ট্ৰই বিভিন্ন ধৰণৰ পন্থা হাতত লৈছে । আমদানি আৰু ৰপ্তানি কমি যোৱাৰ পৰিশ্ৰুতিত বিভিন্ন ৰাষ্ট্ৰই অৰ্থনৈতিক সংকটত পৰিছিল । সেইবাবে প্ৰায়ভাগ দেশে নিজৰ অৰ্থনৈতিক সুস্থিৰতা অনাৰ বাবে অত্যন্ত লাগতিয়াল সামগ্ৰী বোৰত কৰ বঢ়াই দিছিল যিটো বহু ক্ষেত্ৰত লাভদায়ক হৈ প্ৰতিফলিত হৈছিল । সুৰাত প্ৰতিপন্ন কৰা কৰৰ ক্ষেত্ৰত ইয়োৰোপীয় দেশ হাংগেৰীয়ে প্ৰথম স্থান দখল কৰাৰ দৰে ভাৰতেও তেলৰ ওপৰত সংগ্ৰহ কৰা কৰৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে। ইয়াৰ পিছত আছে ইটালী ৬৪ শতাংশ,ফ্ৰান্স আৰু জাৰ্মানী ৬৩ শতাংশ,ব্ৰিটেইন ৬২ শতাংশ।
ভাৰতে লকদাউন খোলাৰ পিছত প্ৰথমেই সুৰাৰ ওপৰত কৰ বঢ়াই দিছিল । সুৰাত দিল্লীত ৭০ শতাংশ, কেৰেলাত ৩৫ শতাংশ,তামিলনাডুত ১৫ শতাংশ,অসমত ২৫ শতাংশলৈকে কৰ বঢ়াই দিয়াৰ ফলশ্ৰুতিত চৰকাৰে সৰ্বাধিক উত্তৰ প্ৰদেশৰ পৰা ২৫,১০০ কোটি, কৰ্ণাটকৰ পৰা ১৯,৭৫০ কোটি টকা কৰ হিচাপে সংগ্ৰহ কৰিছিল । তেনেদৰে আন এটা সহজলভ্য কৰ সংগ্ৰহৰ স্থান হৈছে তৈলক্ষেত্ৰ। বৰ্তমান পেট্ৰলৰ দাম দিল্লীত ৮৪.২০ টকা, মুম্বাইত ৯০.৮৩ টকা, চেন্নাইত ৮৬.৯৬ টকা, বেংগালুৰুত ৮৭ টকা, অসমত ৮৯.২৫ টকা। ইয়াৰ পৰা চৰকাৰে কৰ হিচাপে লাভ কৰে পেট্ৰলৰ পৰা ৬২% টকা আৰু ডিজেলৰ পৰা ৫৭ শতাংশ টকা । অৰ্থাৎ ভাঙি পাতি চালে দিল্লীৰ ৮৪ টকা তেলৰ প্ৰাথমিক বিক্ৰেতাই পায় ২৮.৬৬ টকা, কেন্দ্ৰীয় চৰকাৰে পায় ৩১.৮৩ টকা, ক্ষুদ্ৰ বিক্ৰেতাই পায় ২.৫৩ টকা আৰু ৰাজ্য চৰকাৰে পায় ১০.৮৫ টকা ।
২০১৩-১৪ বৰ্ষত পেট্ৰলৰ দ্বাৰা ভাৰত চৰকাৰে সৰ্বমুঠ কৰ সংগ্ৰহ কৰিছিল ১৭২০৬৫.৩৯ কোটি টকা, আনহাতে বিগত বৰ্ষত ইয়াৰ ওপৰত কৰ বৃদ্ধি কৰি সংগ্ৰহ কৰিছিল ৩৩৪৩১৫.৮৩ কোটি টকা। তেনেদৰে ডিজেলত ২০১৪-১৫ ত সংগ্ৰহ কৰিছিল ১৬০৫৫৪.২৯ টকা, যি কৰ বৃদ্ধিৰ পিছত ২০১৯-২০ বৰ্ষত হৈ পৰিছিল ২২১০৫৫.৫৩ কোটি টকা । ইয়াৰ পৰাই গম পায় যে দেশৰ অৰ্থনীতিৰ সিংহভাগ তেলৰ কৰৰ পৰাই সংগ্ৰহ কৰা হয় । বিশ্বত খাৰুৱা তেলৰ মুল্য বাঢ়িলেই চৰকাৰে কৰ বঢ়াই দিয়ে । সেই বঢ়াই দিয়া কৰ আৰু কোনোদিন নকমে । সামগ্ৰীৰ ক্ষেত্ৰত জি.এছ.টি আনিলেও তেলৰ ক্ষেত্ৰত কোনোধৰণৰ এক কৰ ব্যৱস্থা এতিয়ালৈকে কৰা হোৱা নাই বা সেয়া কৰাটো অৰ্থনৈতিক ভাৱে বা সামগ্ৰিক ভাৱেও অসম্ভৱ । ২০১৯-২০ বৰ্ষৰ লগত ২০২০-২১ বিত্তীয় বৰ্ষৰ তুলনা কৰিলে সামগ্ৰিক কৰ সমূহৰ কৰ্পৰেট কৰ, আয়কৰ, কাষ্টমছ, গ্ৰছ টেক্স ৰেভিনিওৰ বৃদ্ধিৰ শতাংশ বিয়োগাত্মক হ’লেও কেন্দ্ৰীয় কৰ সংগ্ৰহৰ পৰিমাণ ৪৭.৭ শতাংশলৈ বাঢ়ে । অৰ্থাৎ দেশৰ অৰ্থনীতিৰ ২০২০-২১ বৰ্ষক কেন্দ্ৰীয় কৰে হে বচাই ৰাখিছে । যিটো সময়ত বিশ্বত খাৰুৱা তেলৰ দাম অভাৱনীয় ভাবে কমিছিল তেতিয়াই গম পোৱা গৈছিল যে ই অনাগত সময়ত তীব্ৰ গতিত বাঢ়িব ।
বৰ্তমান খাৰুৱা তেল প্ৰতি বেৰেলত প্ৰায় ৮৩ ডলাৰ টকা হৈছে,২০২০ ত ই ক'ভিডৰ বাবে নামি পৰিছিল ১১.২৬ ডলাৰলৈ,২০১৯ ত আছিল ৫৬.৯৯ ডলাৰ আৰু ২০১৮ ত আছিল ৬৫.৩২ ডলাৰ । ২০২০-২১ ৰ কোভিডৰ বাবে দেখা পোৱা এনে আকাশলঙ্ঘী দামৰ আগতে ২০১৮ চনত ভাৰত বৰ্ষত তেলে শীৰ্ষতম স্থান চুইছিল । ইৰাক আৰু চৌডি আৰৱৰ পৰা ভাৰতে খাৰুৱা তেল মুখ্য ভাবে আমদানি কৰে । সেইবাবে দুয়োখন দেশৰ সিদ্ধান্তৰ ওপৰত ভাৰত বহুত বেছি নিৰ্ভৰশীল । ২০১৮-১৯ বিত্তীয় বৰ্ষত ভাৰতে আৰৱৰ পৰা ৪০.৩৩ মেট্ৰিক টন খাৰুৱা তেল আমদানি কৰিছিল কিন্তু মহামাৰীৰ পৰিপ্ৰেক্ষিতত চৌদি আৰৱেও প্ৰয়োজনতকৈ কম তেল হে ভাৰতৰ দৰে অন্য দেশসমূহলৈ ৰপ্তানি কৰি আছে যাৰফলত সমানুপাতিক ভাবে তেলৰ মূল্য বাঢ়ি গৈছে ।
সেইবাবে চৰকাৰেও দীৰ্ঘম্যাদী ব্যৱস্থা লোৱাৰ প্ৰয়োজন । সুৰা যেনেকৈ দাম ভৰি খাইছিল বা খাই আছে,তেনেদৰে মানুহবোৰে তেলও কিনিব সেয়া চিৰ সত্য কথা, কাৰণ মানুহবোৰ উপায়ন্তৰ কিন্তু চৰকাৰী পক্ষই ইয়াৰ সঠিক পৰিকল্পনা কৰাৰ দৰকাৰ ।
Comments