গুৱাহাটী, ১ নৱেম্বৰঃ তালিবান শাসনত আফগানিস্তানৰ লোকসকলৰ জীৱন নৰকতকৈও বেয়া হৈ পৰিছে। তেওঁলোকে নিজৰ ইচ্ছাৰে ক'লৈও যাব নোৱাৰে, পছন্দৰ কাপোৰ পিন্ধিব নোৱাৰে, বা সংগীত শুনিব নোৱাৰে।
শেহতীয়াকৈ তালিবানী সন্ত্ৰাসবাদীয়ে ১৩ জন লোকক নিৰ্মমভাৱে হত্যা কৰিছে, কিয়নো তেওঁলোকে এখন বিয়াত সংগীত বজাইছিল। আফগানিস্তানৰ প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি আমৰুল্লাহ চালেহে কৈছে যে, "বিয়াখনত এটা গান বজোৱাৰ বাবে তালিবানী সন্ত্ৰাসবাদীয়ে ১৩ জন লোকক হত্যা কৰিছিল।"
আফগানিস্তানৰ প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি আমৰুল্লাহ চালেহে এই তথ্য টুইট কৰিছে। তেওঁ লিখিছিল, "নানগাৰহাৰত তালিবানী সন্ত্ৰাসবাদীয়ে কেৱল বিয়াত গান বজোৱাৰ বাবেই ১৩ জন লোকক হত্যা কৰিছিল। এতিয়া আমি কেৱল ক্ষোভ প্ৰকাশ কৰি শান্ত হৈ থাকিব নোৱাৰো।"
"বিগত ২৫ বছৰ ধৰি পাকিস্তানে এই সন্ত্ৰাসবাদীক প্ৰশিক্ষণ দি আহিছে, লগতে আফগানিস্তানৰ সংস্কৃতি ধ্বংস কৰিছে।"
Comments