গুৱাহাটী, ৩০ অক্টোবৰঃ বিমান সুৰক্ষা নিয়ম অনুসৰি, উৰন্ত বিমানত কিছুমান কাৰ্যকলাপ আৰু শব্দৰ প্ৰয়োগ অত্যন্ত গুৰুতৰ অপৰাধ বুলি গণ্য কৰা হয়। যদিহে কোনোবাই ধেমালীৰে বিমান কৰ্মচাৰীসকলৰ আগত এই চাৰিটা শব্দ উল্লেখ কৰে, তেন্তে তেওঁ যথেষ্ট সমস্যাত পৰিব পাৰে। এনে কৰাৰ ফলত কেইবালাখ টকাৰ জৰিমনা বিহাৰ লগতে ৩ বছৰলৈকে কাৰাগাৰৰ শাস্তি হ'ব পাৰে। লগতে সেই মানুহজনক চিৰদিনৰ বাবে বিমানত উঠিব নোৱাৰিব পাৰে।
এক বিশেষ প্ৰতিবেদন প্ৰকাশিত তথ্য অনুসৰি, কোনোবা যাত্ৰীয়ে বিমানত এজন ফ্লাইট এটেণ্ডেণ্টক অনুৰোধ কৰি সুৰাপান কৰিব পাৰে, কিন্তু কোনেও আগতীয়াকৈ সুৰাপান কৰি বিমানত উঠিব নোৱাৰে। বিমানৰ এই নিয়মবোৰ ইমান গুৰুত্বপূৰ্ণ যে কোনোবাই ধেমেলীয়াকৈ বিমান পৰিচাৰকজনক 'মই সুৰাপান কৰিছোঁ' বুলি ক'লেও, সমস্যাত পৰিব পাৰে। ইয়াৰ কাৰণ হৈছে সুৰাপান কৰা যাত্ৰীসকলে বাকী যাত্ৰীসকলৰ সুৰক্ষাৰ প্ৰতি ভাবুকি সৃষ্টি কৰিব পাৰে।
কেবিন ক্ৰু আৰু ফ্লাইট এটেণ্ডেণ্টসকলক সকলো এয়াৰলাইনৰ দ্বাৰা এনে সুৰাপান কৰা যাত্ৰীসকলক প্ৰতিৰোধ কৰিবলৈ বিশেষ ক্ষমতা প্ৰদান কৰা হৈছে। তেওঁলোকে নিচাসক্ত যাত্ৰীসকলক বিমানত উঠিবলৈ বাধা দিব পাৰে। যদি তেওঁলোকে গম পায় যে বিমানখন উৰা মৰাৰ পিছত এজন যাত্ৰীয়ে সুৰাপান কৰিছে, তেওঁলোকে নিকটতম বিমানবন্দৰত অৱতৰণ কৰি যাত্ৰীজনক বিমানৰ পৰা নমাই দিব পাৰে।
কেৱল সেয়াই নহয়, যদি এজন সুৰাসক্ত যাত্ৰীয়ে তেওঁলোকৰ সৈতে তৰ্ক কৰিবলৈ বা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰে, তেতিয়া বিমানৰ কৰ্মচাৰীসকলে ব্যক্তিজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব পাৰে। যদি তেওঁ দোষী সাব্যস্ত হয়, তেন্তে তেওঁক ৮ লাখ টকাৰো অধিক জৰিমনা বিহাৰ লগতে আৰু ৩ বছৰ পৰ্যন্ত কাৰাগাৰৰ শাস্তি প্ৰদান কৰিব পাৰে। একে সময়তে, যাত্ৰীজনক বিমানত উঠাৰ বাবে ব্লেকলিষ্ট অথবা উগ্ৰ যাত্ৰীৰ তালিকাত অন্তর্ভুক্ত কৰি ৰাখিব পাৰি।
গতিকে যেতিয়াই বিমানত আসম গ্ৰহণ কৰা হয়, ধেমালীকৈও 'মই মাতাল' বা 'মই সুৰাপান কৰিছো' বুলি নক'ব। বিমান কৰ্মচাৰীসকলে কেতিয়াও এই ধেমালী কৌতুক হিচাপে মানি নল'ব, বৰঞ্চ বাকী যাত্ৰীসকলৰ জীৱন বিপদাপন্ন কৰাৰ বাবে ব্যক্তিজনক নিকটতম বিমানবন্দৰত অৱতৰণ কৰি বিমানৰ পৰা উলিয়াই দিব পাৰে। লগতে চিৰদিনৰ বাবে বিমানত বহিবলৈ অযোগ্য হৈ পৰিব পাৰে।
Comments