গুৱাহাটী,৩ নৱেম্বৰ:কিছুমান খাদ্যৰ অত্যাধিক ভক্ষনে ছালখনৰ বেয়াকৈ ক্ষতি কৰে। কম বয়সতে ছালৰ বিসংগতি ঘটি বৃদ্ধ যেন দেখা হ'ব।সেয়েহে পৰাপক্ষত এই কেইবিধ বস্তুৰ পৰা আঁতৰত থাকিবলৈ চেষ্টা কৰাটো ভাল।
চেনী:চেনী হ'ল ছালৰ বাবে অতিকৈ বিষাক্ত কাৰক। দেহৰ ছালখন ভাল কৰি ৰাখিবলৈ চেনী আৰু চেনীৰ দ্বাৰা প্ৰস্তুত কৰা খাদ্য কেতিয়াওঁ বেছিকৈ খাব নালাগে । চেনী খােৱাৰ পাছত দেহত বিয়ােজন হৈ দেহৰ ছালত থকা ঘাই প্রটিন কলাজেনৰ স’তে সংলগ্ন হয় আৰু তাৰ ফলতে দেহৰ ছালত বিস্তৰ ক্ষতিসাধন হয়। অকল চেনীয়ে নহয় চকলেট, মিঠাই, কেন্দী আৰু ড’নাট আদি সকলােবােৰ দেহৰ ছালৰ বাবে অপৰিপূৰক। উল্লেখযােগ্য যে দেহত চেনী ৰ পৰিমাণ বৃদ্ধি হলে ইনচুলিন হৰমনৰ প্ৰয়ােজন বৃদ্ধি হয় আৰু ফলত পার্শ্বক্রিয়া হিচাপে দেহৰ ছালখনৰ সৌন্দর্য কমি যায়।
শিতল আৰু শক্তি বর্ধক পানীয়:শিতল আৰু শক্তি বর্ধক পনীয়াত বহু পৰিমাণে ৰিফাইন চেনী, দেহৰ বাবে বিষাক্ত এচিদ আৰু বিভিন্ন ধৰনৰ ক্ষতিকাৰক ৰাসয়নিক দ্রব্য মিশ্রিত হৈ থাকে। এইবােৰত অতিৰিক্ত ভাবে চদিয়াম আৰু কেফেইন মিহলােৱা হয়। ফলত ইয়াৰ সেৱনে ছালখনৰ বেয়াকৈ ক্ষতিগ্রস্ত কৰে।
বেছিকৈ ভজা পুৰা খাদ্য:তেলত উচ্চ উষ্ণতাত খাদ্য ভাজিলে এবিধ বিষাক্ত দ্রব্য ” এদভান্স গ্লাইকেন এন্দ প্ৰদাক্ত” উৎপাদন হয়।ল আৰু এই খাদ্য খালে ছালখনত কুপ্রভাব পৰাৰ উপৰিও মগজুৰ অৱসাদ বৃদ্ধি হয়। লগতে হাড়ৰ অষ্টেয়পৰছিচ, হৃদৰােগ, ইত্যাদিৰাে আশাংকা বৃদ্ধি হয়।
ফাষ্ট ফুদ:পিজ্জা, বার্গাৰ ইত্যাদি ফাষ্ট ফুদ সমুহে দেহত চর্বী ৰ পৰিমাণ বৃদ্ধি কৰিব পাৰে আৰু দেহত অতিৰিক্ত চর্বী জমা হলে আপােনাক কম বয়সতে বৃদ্ধ দেখা যাব।
মদ্যপান:মদ্যপান স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক । অত্যাধিক মদ্যপানে শৰীৰৰ কোষ সমূহ নিষ্কাষণ কৰা ঘাই অংগ যকৃতক ক্ষতি কৰে। দেহত অতিৰিক্ত চর্বি জমা হয় মদ্যপানৰ ফলত। ইয়াৰ উপৰিও অতিৰিক্ত মদ্যপান ৰ ফলত টোপনিৰ “গভীৰ নিদ্রা” স্তৰত প্ৰভাৱ পৰিব। যাৰ ফলত আপুনি আৰু আপােনাৰ ছালখন কম বয়সতে বৃদ্ধ হৈ পৰিব।
অত্যাধিক মছলা আৰু জলকীয়া মিশ্রিত খাদ্য:খাদ্যৰ তালিকাত যদিহে অত্যাধিক জলকীয়া আৰু মছলা থাকে তেনেহলে আপােনাৰ ছালৰ শিৰ-উপশিৰ সমূহ ফুলিবলৈ আৰম্ভ হব আৰু ৰঙা পৰি যাব যাক “ৰােজেচ্চা” বুলি কোৱা হয়। লগতে ছালখনৰ শিৰত “স্পাইদাৰ ভেইন” নামৰ পৰিঘটনা ঘটিব পাৰে। যাৰ ফলত ছালখন দেখিবলৈ বেয়া হ’ব।
Comments