গুৱাহাটী,৩ নৱেম্বৰ:ৰাতিপুৱা শুই উঠাৰ পাছত প্ৰত্যেকৰে এক প্ৰকাৰৰ বেলেগ বেলেগ অভ্যাস থাকে। বহুলোকে ৰাতিপুৱা সাৰ পায় উঠি দাঁত ব্ৰাছ কৰাৰ পাছত চাহ বা কফি খায়।কিন্তু খালী পেটত কফি বা কফিজাতীয় কোনোধৰণৰ বস্তু খাব নালাগে। বিশেষজ্ঞৰ মতে, আমাৰ স্বাস্থ্য সম্পূৰ্ণৰূপে আমাৰ দৈনন্দিন অভ্যাসৰ ওপৰত নিৰ্ভৰ কৰে। আমি কি খাদ্য খাই আছোঁ, সেই খাদ্যৰ উপাদানবোৰ কিমান স্বাস্থ্যকৰ।এই সকলোবোৰে আমাৰ স্বাস্থ্য কেনেকুৱা হ’ব তাৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে স্বাস্থ্য সচেতন লোকসকলে নিয়ম অনুসৰণ কৰাটো পছন্দ কৰে। বিশেষজ্ঞসকলে আঙুলিয়াই দিছে যে বহুতো খাদ্য আছে যিবোৰ প্ৰকৃততে পুষ্টিকৰ কিন্তু খালী পেটত একেবাৰে খাব নালাগে। ই শৰীৰৰ লাভালাভতকৈ ক্ষতি কৰাৰ সম্ভাৱনাহে অধিক।
বিশেষজ্ঞসকলে জনাইছে যে বহুলোকৰ ৰাতিপুৱা শুই উঠি প্ৰথমে একাপ গৰম কফি খোৱাৰ অভ্যাস আছে। কিন্তু খালী পেটত কফি প্ৰকৃততে আমাৰ শৰীৰৰ বাবে ক্ষতিকাৰক। খালী পেটত কফি খালে বুকুৰ বিভিন্ন সমস্যা হ’ব পাৰে। ইয়াৰ ফলত হজমৰ বিকাৰও হ’ব পাৰে লগতে শৰীৰত চেৰোটনিন উৎপাদনৰ স্তৰ হ্ৰাস হয় আৰু গোটেই দিনটো শক্তিৰ অভাৱ হ’ব পাৰে।
খালী পেটত চুইংগাম খালে পেটৰ সমস্যা হ’ব পাৰে। ইয়াৰ ফলত হজমৰ বিকাৰ হয়। আনকি গেষ্ট্ৰিক সমস্যাও উদ্ভৱ হ’ব পাৰে।
নেমু জাতীয় ফল প্ৰকৃততে আমাৰ শৰীৰৰ বাবে অতি উপকাৰী কিন্তু খালী পেটত নহয়। খালী পেটত যথেষ্ট পৰিমাণে ভিটামিন চি থকা নেমুসদৃশ ফল খালে পেটৰ সমস্যা হ’ব পাৰে।
Comments