গুৱাহাটী, ৩ নৱেম্বৰঃ টকিঅ' অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী নীৰজ চোপ্ৰাকে ধৰি ১২ জন খেলুৱৈক মেজৰ ধ্যান চান্দ খেল ৰত্ন বঁটা ঘোষণা কৰা হৈছে। নীৰজ চোপ্ৰাৰ উপৰিও খেল ৰত্ন বঁটাৰ বাবে নিৰ্বাচিত খেলুৱৈসকলৰ ভিতৰত আছে মল্লযোদ্ধা ৰবি কুমাৰ দাহিয়া, বক্সাৰ লাভলিনা বৰগোহাঁই আৰু পেৰালিম্পিক গেমছৰ পদক বিজয়ী অৱনী লেখাৰা, প্ৰমোদ ভগত, কৃষ্ণ নগৰ, সুমিত এণ্টিল আৰু মনীষ নৰৱাল।
ক্ৰিকেটাৰ মিতালী ৰাজ আৰু ৰাষ্ট্ৰীয় ফুটবল দলৰ অধিনায়ক সুনীল ছেত্ৰীৰ লগতে হকী দলৰ অধিনায়ক মনপ্ৰীত সিং আৰু গ'লৰক্ষক পি আৰ শ্ৰীজেশক খেল ৰত্ন বঁটাৰ বাবে মনোনীত কৰা হৈছে। ১২ গৰাকী খেল ৰত্ন বঁটা বিজয়ীৰ উপৰিও ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা বিজয়ীৰ তালিকাত থকা ইতিহাস সৃষ্টি কৰা খেলুৱৈ ফেঞ্চাৰ ভৱানী দেৱী, মহিলা হকী খেলুৱৈ বন্দনা কাটাৰিয়াকে ধৰি ৩৯ জন খেলুৱৈ অন্তৰ্ভুক্ত আছে।
মেজৰ ধ্যান চান্দ খেল ৰত্ন বঁটা হৈছে চৰকাৰে প্ৰদান কৰা সৰ্বোচ্চ ক্ৰীড়া সন্মান আৰু ক্ৰীড়া ক্ষেত্ৰত উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে প্ৰদান কৰা এক বঁটা। আনহাতে প্ৰদৰ্শন আৰু নেতৃত্ব আৰু অনুশাসনৰ দৰে গুণাগুণক নিৰন্তৰ স্বীকৃতি দিয়াৰ বাবে অৰ্জুন বঁটা প্ৰদান কৰা হয়। দুয়োটা বঁটাই চাৰি বছৰৰ ম্যাদত প্ৰদৰ্শন বিবেচনা কৰে আৰু ইয়াত অন্তৰ্ভুক্ত থাকে ট্ৰফী, এখন প্ৰশংসাপত্ৰ আৰু নগদ পুৰস্কাৰ। সাধাৰণতে, ২৯ আগষ্টত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে বঁটাসমূহ প্ৰদান কৰা হয় কিন্তু এই বছৰ ট'কিঅ' অলিম্পিক গেমছ আৰু পেৰালিম্পিক খেলৰ বাবে এই বঁটা প্ৰদান অনুষ্ঠান পিছুৱাই দিয়া হয়।
বঁটা প্ৰাপ্ত সকলৰ সম্পূৰ্ণ তালিকাখনঃ
মেজৰ ধ্যান চান্দ খেল ৰত্ন বঁটা ২০২১: নীৰজ চোপ্ৰা (এথলেটিকছ), ৰবি কুমাৰ দাহিয়া (মল্লযুদ্ধ), লাভলিনা বৰগোহাঁই (বক্সিং), পি আৰ শ্ৰীজেশ (হকী), অৱনী লেখাৰা (পেৰা শ্বুটিং), সুমিত এণ্টিল (পেৰা-এথলেটিকছ), প্ৰমোদ ভগত (পেৰা বেডমিণ্টন), কৃষ্ণ নগৰ (পেৰা বেডমিণ্টন), মনীষ নৰৱাল (পেৰা শ্বুটিং), মিতালী ৰাজ (ক্ৰিকেট), সুনীল ছেত্ৰী (ফুটবল), মনপ্ৰীত সিং (হকী)।
অৰ্জুন বঁটা: আৰপিন্দৰ সিং (এথলেটিকছ), চিমৰণজিৎ কৌৰ (বক্সিং), শিখৰ ধাৱান (ক্ৰিকেট), চি এ ভৱানী দেৱী (ফেন্সিং), মনিকা (হকী), বন্দনা কাটাৰিয়া (হকী), সন্দীপ নৰৱাল (কাবাডী), হিমানী উত্তম পাৰব (মাললাখাম্ব), অভিষেক বাৰ্মা (শ্বুটিং), অংকিতা ৰাইনা (টেনিছ), দীপক পুনিয়া (কুস্তি), দিলপ্ৰীত সিং (হকী), হৰমনপ্ৰীত সিং (হকী), ৰূপিন্দৰ পাল সিং (হকী), সুৰেন্দ্ৰ কুমাৰ (হকী), অমিত ৰোহিদাস (হকী), বীৰেন্দ্ৰ লাকডা (হকী), সুমিত (হকী), নীলকান্ত শৰ্মা (হকী), হাৰ্দিক সিং (হকী), বিবেক সাগৰ প্ৰসাদ (হকী), গুৰজন্ত সিং (হকী), মনদীপ সিং (হকী), শমছেৰ সিং (হকী), ললিত উপাধ্যায় (হকী), বৰুণ কুমাৰ (হকী), চিমৰণজিৎ সিং (হকী), যোগেশ কাথুনিয়া (পেৰা এথলেটিকছ), নিষাদ কুমাৰ (পেৰা এথলেটিকছ), প্ৰবীণ কুমাৰ (পেৰা এথলেটিকছ), সুহাশ যতীৰাজ (পেৰা বেডমিণ্টন), সিংহৰাজ আধানা (পেৰা শ্বুটিং), ভাৱনা পেটেল (পেৰা টেবল টেনিছ), হৰবিন্দৰ সিং (পেৰা আৰ্চাৰী) আৰু শৰদ কুমাৰ (পেৰা এথলেটিকছ)।
দ্ৰোণাচাৰ্য বঁটা বিজয়ীঃ ৰাধাকৃষ্ণণ নায়াৰ (এথলেটিকছ), সন্ধ্যা গুৰুগ (বক্সিং), প্ৰীতম চিৱাচ (হকী), জয় প্ৰকাশ নৌটিয়াল (পেৰা শ্বুটিং), সুব্ৰমনিয়াম ৰমন (টেবুল টেনিছ)।
দ্ৰোণাচাৰ্য জীৱনজোৰা বঁটা বিজয়ীঃ টিপি আউচেফ (এথলেটিকছ), চৰকাৰ তলৱাৰ (ক্ৰিকেট), হৰপাল সিং (হকী), আশান কুমাৰ (কাবাডী), তপন কুমাৰ পানীগ্ৰাহী (সাঁতোৰ)।
ক্ৰীড়াত জীৱনজোৰা কৃতিত্বৰ বাবে ধ্যান চান্দ বঁটা: লেখা কেচি (বক্সিং), অভিজিত কুন্তে (দবা), দাবিন্দৰ সিং গাৰ্চা (হকী), বিকাশ কুমাৰ (কাবাডী), সজ্জন সিং (মল্লযুদ্ধ)।
Comments