গুৱাহাটী,৩ নৱেম্বৰ:কৰ’না মহামাৰীৰ বাবে দীর্ঘদিন ধৰি বন্ধ হৈ থকা ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ দুৰ্গাপূজাৰ পাছৰ পৰা পুনৰ মুকলি কৰা হৈছে ৷ অনলাইন পাঠদানৰ বিপৰীতে শ্ৰেণীকোঠাৰ পাঠদান আৰম্ভ কৰিছে বিদ্যালয়- মহাবিদ্যালয়সমূহে ৷ স্বাস্থ্য-শিক্ষা বিভাগৰ ক'ভিড নিৰ্দেশ অৱলম্বন কৰি আৰম্ভ হৈছে পাঠদান ।কিন্তু তেনে সময়তে কটন বিশ্ববিদ্যালয় কৰ্তৃপক্ষই স্নাতক আৰু স্নাতকোত্তৰ মহলাৰ প্ৰথম ষাণ্মাসিকৰ পাঠদানসমূহ ৪ নৱেম্বৰৰ পৰা পুনৰ অনলাইন পদ্ধতিৰে আৰম্ভ কৰাৰ জাননী দিয়ে ৷
বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ এনে সিদ্ধান্তত ক্ষুব্ধ হৈ পৰে ছাত্ৰ-ছাত্ৰীসকল ৷মঙলবাৰে বিশ্ববিদ্যালয়ৰ চৌহদত অনলাইন পাঠদানৰ বিৰোধিতাৰে এক সংবাদমেল সম্বোধন কৰি ছাত্ৰ-ছাত্ৰীসকলে কয়- কৰ’নাসৃষ্ট পৰিৱেশ বৰ্তমান স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে । প্ৰত্যেকখন শিক্ষানুষ্ঠানত অনলাইন পাঠদানৰ পৰিৱৰ্তে শ্ৰেণীকোঠাৰ পাঠদান আৰম্ভ হৈছে । কিন্তু কটন কৰ্তৃপক্ষই শ্ৰেণীকোঠাৰ পাঠদান কিয় বন্ধ ৰাখিব বিচাৰিছে সেয়া ৰহস্যৰ আৱৰ্তত । কৰ’না মহামাৰীৰ পৰিপ্ৰেক্ষিতত বিগত দুটা বৰ্ষত শিক্ষা ব্যৱস্থা অনলাইনযোগে চলি আছিল ৷ কিন্তু কিছুমান অঞ্চলত ইয়াৰ প্ৰসাৰ যথেষ্ট কম আৰু সুবিধাজনক নহয়, সেয়া সকলোৰে অনুমেয় ৷ বিশ্ববিদ্যালয়খনত অন্য শ্ৰেণীৰ পাঠদানসমূহ নিয়মীয়াকৈ অনুষ্ঠিত হৈ থকাৰ পিছতো স্নাতক আৰু স্নাতকোত্তৰ প্ৰথম ষাণ্মাসিকৰ পাঠদান কিয় অনলাইনৰ জৰিয়তে আৰম্ভ কৰিবলৈ লোৱা হৈছে বুলি সংবাদমেলখনত ছাত্ৰ সমাজৰ হৈ প্ৰশ্ন উত্থাপন কৰে অভিষেক মহন্তই ।উল্লেখ্য যে, বিগত দুটা বছৰে বিশ্ববিদ্যালয়খনত ছাত্ৰ একতা সভা গঠন হোৱা নাই ৷ যাৰ ফলত ছাত্ৰ-ছাত্ৰীসকলৰ সমস্যাসমূহ কৰ্তৃপক্ষৰ আগত উপস্থাপন কৰোতে যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে ৷ ছাত্ৰ একতা সভা নথকাৰ বাবে হোষ্টেলৰ পৰা বিশ্ববিদ্যালয় কৰ্তৃপক্ষক ছাত্ৰ-ছাত্ৰীসকলে সমস্যাসমূহ অৱগত কৰিব বিচাৰিলেও বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যই সাক্ষাৎ নকৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ ফলত বিশ্ববিদ্যালয় কৰ্তৃপক্ষ আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত ব্যৱধান বৃদ্ধি পোৱাৰ আশংকা প্ৰকাশ কৰে ছাত্ৰ-ছাত্ৰীসকলে ।
Comments