গুৱাহাটী, ২ নৱেম্বৰঃ দেৱালী উৎসৱ অহাৰ লগে লগে আতচবাজী জ্বলোৱাৰ পৰা বিভিন্ন ফটকা ফুটুৱা হয়। কিন্তু শেহতীয়াকৈ ইয়াৰ ফলত সৃষ্টি হোৱা প্ৰদূষণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰসমূহে বিভিন্ন নিয়ম জাৰি কৰিছে। আনহাতে, কিছুমান ৰাজ্যই আতচবাজী জ্বলোৱা সম্পূৰ্ণভাৱে নিষিদ্ধ কৰিছে। ইপিনে, কিছুসংখ্য়ক ৰাজ্যৰ চৰকাৰে আকৌ গ্ৰীণ ফটকা ফুটুৱাৰ অনুমোদন দিছে।
সামাজিক মাধ্য়মত হোৱা বিতৰ্কৰ উপৰিও, কিছুমান লোকে বিশ্বাস কৰে যে আতচবাজীৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰাৰ ক্ষেত্রত হিন্দু উৎসৱবোৰ সদায় লক্ষ্য কৰা হয়। যদিও কিছুমানে কয় যে, ক'ৰনা মহামাৰীৰ বাবে মানুহে ইতিমধ্যে ভুগি আছে, সেয়েহে আতচবাজীৰ ব্যৱহাৰ এই ক্ষেত্রত অপ্ৰয়োজনীয়।
বিভিন্ন ৰাজ্যৰ চৰকাৰী নিৰ্দেশনাসমূহ নিৰীক্ষণ কৰকঃ
• দিল্লী চৰকাৰে ৰাজধানী চহৰখনত আতচবাজী ফুটুৱাৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা জাৰি কৰিছে। দিল্লীত বায়ুৰ মানদণ্ড ইতিমধ্যে দুৰ্বল শ্ৰেণীত পঞ্জীয়ন হৈ আছে। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ১৫ ছেপ্টেম্বৰত আতচবাজীৰ ওপৰত নিষেধাজ্ঞা ঘোষণা কৰি কৈছিল যে, "এই নিষেধাজ্ঞা মানুহৰ জীৱন ৰক্ষাৰ বাবে অতিকৈ প্ৰয়োজনীয়।"
• পঞ্জাৱ চৰকাৰে পঞ্জাৱত আতচবাজী সংৰক্ষণ, বিতৰণ, বিক্ৰী, ব্যৱহাৰ আৰু নিৰ্মাণ নিষিদ্ধ কৰিছে। অৱশ্যে, উৎসৱবোৰত চৰকাৰে সেউজীয়া আতচবাজীৰ ব্যৱহাৰ আৰু বিক্ৰীৰ অনুমতি প্ৰদান কৰিছে। ৰাজ্যখনৰ লোকসকলক দেৱালীত কেৱল নিশা ৮ বজাৰ পৰা নিশা ১০ বজালৈহে ফটকা ফুটুৱাৰ অনুমতি দিয়া হৈছে।
• হাৰিয়ানাৰ খট্টৰ চৰকাৰে তাৎক্ষণিক প্ৰভাৱৰ সৈতে ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ অধীনস্থ ১৪ খন জিলাত আতচবাজী বিক্ৰী আৰু ব্যৱহাৰৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰিছে। আতচবাজী বিক্ৰী আৰু ব্যৱহাৰসন্দৰ্ভত জাৰি কৰা চৰকাৰী নিৰ্দেশ অনুসৰি, "ভিৱানী, চাৰ্খি দাদৰী, ফৰিদাবাদ, গুৰুগ্ৰাম, ঝাজ্জৰ, জিন্দ, কৰ্ণাল, মহেন্দ্ৰগড়, নুন, পালৱাল, পানীপথ, ৰেৱাৰী, ৰোহতক আৰু সোনেপতত সকলো ধৰণৰ আতচবাজী বিক্ৰী আৰু ব্যৱহাৰৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা থাকিব।"
• উত্তৰ প্ৰদেশৰ বতৰ সলনি হোৱাৰ লগে লগে চৰকাৰে বৰ্ধিত বায়ু প্ৰদূষণৰ ক্ষেত্ৰত অত্যন্ত কঠোৰ হৈ পৰিছে। যোগী চৰকাৰে বায়ু প্ৰদূষণ বৃদ্ধি কৰা আতচবাজীৰ বিক্ৰী আৰু ব্যৱহাৰ সম্পূর্ণৰূপে নিষিদ্ধ কৰিছে। এইবাৰ উত্তৰ প্ৰদেশত দীপাৱলীত কেৱল সেউজীয়া আতচবাজী হে বিক্ৰী কৰা হ'ব। ইয়াৰ উপৰিও, এইবোৰৰ বাহিৰে আন আতচবাজীৰ বিক্ৰী সীমিত কৰা হ'ব।
• মধ্য প্ৰদেশ চৰকাৰে দেৱালীৰ বাবে আতচবাজীৰ ওপৰত এক নিৰ্দেশনা জাৰি কৰি কয় যে যিবোৰ চহৰত বায়ুৰ মানদণ্ড ১০০ ৰ পৰা ২০০ ৰ তলত আছে, সেই চহৰসমূহত মাত্ৰ দুঘণ্টাৰ বাবেহে সেউজীয়া ফটকা ফুটুৱাব পাৰিব। ইয়াৰ উপৰিও, বায়ুৰ মানদণ্ড সূচক ২০০ তকৈ অধিক থকা চহৰবোৰত ফটকা ফুটুৱাৰ অনুমতি দিয়া নহ'ব।
• ছত্তীশগড়ত, চৰকাৰে দেৱালী আৰু ছট পূজাৰ পূর্বে প্ৰয়োজনীয় নিৰ্দেশনাসমূহ জাৰি কৰিছে। ৰাজ্য চৰকাৰে আগন্তুক পোহৰৰ উৎসৱৰ বাপে ফটকা ফুটুৱাবলৈ সময় নিৰ্ধাৰণ কৰি দিছে। ছত্তীশগড় চৰকাৰৰ নিৰ্দেশনা অনুসৰি, দেৱালীৰ পৰা নৱবৰ্ষলৈ ফটকা নিৰ্ধাৰিত সময়ৰ ভিতৰত হে ফুটুৱাৰ নিৰ্দেশনা জাৰি কৰিছে। লগতে চৰকাৰখনে অনলাইনত আতচবাজী বিক্ৰী কৰাটো নিষিদ্ধ কৰিছে।
• পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে জনসাধাৰণক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মানি চলাৰ লগতে কালী পূজা আৰু দীপাৱলীত কেৱল সেউজীয়া ফটকা ফুটুৱাৰ বাবে আহ্বান জনায়। ৰাজ্যখনৰ বায়ু প্ৰদূষণৰ প্ৰতি লক্ষ্য ৰাখি, চৰকাৰে আতচবাজীৰ বিক্ৰী আৰু ব্যৱহাৰ নিষিদ্ধ কৰিছে। অৱশ্যে, দীপাৱলী, কালী পূজা আৰু ছট পূজাত সেউজীয়া ফটকা ফুটাবলৈ অনুমতি দিয়া হ'ব। লগতে দেৱালীত সন্ধিয়া ৮ বজাৰ পৰা নিশা ১০ বজালৈ আৰু ছট পূজাত সন্ধিয়া ৬ বজাৰ পৰা সন্ধিয়া ৮ বজালৈ সেউজীয়া ফটকা ফুটুৱাৰ অনুমতি দিয়া হৈছে।
• অসমৰ প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডে সেউজীয়া আতচবাজীৰ বাহিৰে সকলো ধৰণৰ আতচবাজী নিষিদ্ধ কৰাৰ নিৰ্দেশনা জাৰি কৰিছে। সেউজীয়া আতচবাজীবোৰ এক নিৰ্দিষ্ট সময়তহে সেউজীয়া ফটকা ফুটুৱাবলৈ অনুমতি প্ৰদান কৰিছে। অসমযত দেৱালীত সন্ধিয়া ৮ বজাৰ পৰা নিশা ১০ বজালৈ আৰু ছট পূজাৰ দিনা পুৱা ৬ বজাৰ পৰা ৮ বজালৈ সেউজীয়া ফটকা ফুটুৱাৰ অনুমতি দিয়া হৈছে।
• উত্তৰ ভাৰতৰ দৰে দক্ষিণ ভাৰতৰ ৰাজ্যসমূহতো উৎসৱৰ সময়ত আতচবাজীৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছে। ৰাজ্য চৰকাৰসমূহে বায়ু প্ৰদূষণ আৰু মানুহৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি কৰি এই নিৰ্দেশনা জাৰি কৰিছে।
• তামিলনাডু চৰকাৰে এইটো স্পষ্ট কৰি দিছে যে দীপাৱলীৰ দিনা ৰাজ্যখনত কেৱল সেউজীয়া ফটকা ফুটুৱাৰ অনুমতি দিয়া হ'ব আৰু উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি, ফটকা ফুটুৱাবলৈ মাত্ৰ দুই ঘণ্টাৰ সময়সীমা নিৰ্ধাৰণ কৰা হ'ব৷ ৰাজ্যৰ পৰিৱেশ, জলবায়ু পৰিৱৰ্তন আৰু বন বিভাগে ইয়াত জাৰি কৰা এক বিবৃতিত কোৱা হৈছে, 'পুৱা ৬ বজাৰ পৰা পুৱা ৭ বজালৈ আৰু সন্ধিয়া ৭ বজাৰ পৰা সন্ধিয়া ৮ বজালৈহে সেউজীয়া ফটকা ফুটুৱাব পাৰিব।
• কৰ্ণাটক চৰকাৰে দেৱালীৰ বাবে কেৱল সেউজীয়া আতচবাজী বিক্ৰী আৰু ফুটুৱাৰ অনুমতি দিছে। একে সময়তে, মানুহে ক'ৰনাৰ নিৰ্দেশনাসমূহ কঠোৰভাৱে পালন কৰাৰ পৰামৰ্শ দিছে।
• মহাৰাষ্ট্ৰ চৰকাৰে আতচবাজীৰ ব্যৱহাৰ নিষিদ্ধ কৰা নাই, কিন্তু এই বছৰ ফটকা ফুটুৱাৰ পৰা বিৰত থাকিবলৈ লোকসকলক অনুৰোধ জনাইছে।
Comments