গুৱাহাটী, ২ নৱেম্বৰ:চেন্নাইৰ সচিবালয়ৰ বাহিৰত নিযুক্তি লাভ কৰা এগৰাকী মহিলা হেড কনিষ্টবলক মঙলবাৰে তেওঁৰ ওপৰত গছ এডাল বাগৰি পৰাৰ ফলত মৃত্যুমুখত পৰে। তেওঁৰ কাষত থিয় হৈ থকা এজন পুৰুষ হেড কনিষ্টবলো সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হয়।
কনিষ্টবল কবিতাৰ মৃত্যুত শোক প্ৰকাশ কৰি তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিনে তেওঁৰ পৰিয়ালক ১০ লাখ টকাৰ সাহায্য ঘোষণা কৰে। আৰক্ষীয়ে কৈছিল যে মঙলবাৰে ৰাতিপুৱা ৯.১৫ বজাত বিশাল গছজোপা উচ্ছেদ কৰা হৈছিল আৰু এই উচ্ছেদিত গছ জোপাৰ তলত কবিতা সোমাই পৰে আৰু মৃত্যু হয়। তাত কৰ্তব্যৰত আধা ডজন আৰক্ষী কৰ্মী পলাই যাবলৈ সক্ষম হৈছিল আৰু কনিষ্টবল মুৰুগান সামান্যৰূপে আঘাতপ্ৰাপ্ত হৈছিল।
কবিতাই তেওঁৰ স্বামীৰ সৈতে ৰে'লৱে কোৱাৰ্টাৰত বাস কৰিছিল। তেঁওৰ তিনিটা সন্তান আছে। তেওঁৰ জ্যেষ্ঠ পুত্ৰজন কলেজত পঢ়ি আছে আৰু বাকী দুজন স্কুললৈ যায়।আৰক্ষীয়ে জনোৱা অনুসৰি, নেৰানেপেৰা বৰষুণৰ বাবে সচিবালয়খন নিৰ্জন হৈ পৰিছিল অন্যথা ১০০ ৰো অধিক লোকে অভিযোগ দাখিল কৰিবলৈ উপস্থিত থাকিলহেঁতেন।
Comments