গুৱাহাটী,৩ নৱেম্বৰ:দিল্লীৰ ছাত্ৰ তন্ময় গুপ্তাই ৰাষ্ট্ৰীয় যোগ্যতা প্ৰৱেশ পৰীক্ষাত (এনইইটি) সৰ্বভাৰতীয় পৰ্য্যায়ত দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে।জম্মুৰ বাসিন্দা তন্ময়ে কয়, "এই দিনটো মোৰ বাবে অতি বিশেষ কাৰণ মই এই লক্ষ্য প্ৰাপ্ত কৰিবলৈ জম্মুৰ বাহিৰত ২ বছৰ ধৰি কঠোৰ পৰিশ্ৰম কৰি আছিলো আৰু অৱশেষত মই সফল হৈছোঁ।আৰম্ভণিৰ পৰাই এইমছ মোৰ প্ৰথম পছন্দ আছিল, মই তাতেই নামভৰ্তি কৰিব বিচাৰো।"
দিল্লীৰ ডিপিএছ আৰ কে পুৰমৰ পৰা একাদশ আৰু দ্বাদশ শ্ৰেণী অধ্যয়ন কৰা তন্ময়ৰ পিতৃ-মাতৃ জম্মু-কাশ্মীৰৰ চিকিৎসক। দশম শ্ৰেণীৰ উৎকৃষ্ট ফলাফলৰ প্ৰতি লক্ষ্য ৰাখি, তেওঁৰ পিতৃ-মাতৃয়ে তেওঁক প্ৰতিযোগিতামূলক অধ্যয়নৰ বাবে প্ৰস্তুতি চলাবলৈ দিল্লীলৈ পঠিয়াইছিল।
তেওঁ লগতে কয়,"দশম শ্ৰেণীৰ পৰায়ে মই স্পষ্ট হৈছিলোঁ যে মই এজন চিকিৎসক হ'ব লাগিব আৰু চিকিৎসাশাস্ত্ৰৰ প্ৰৱেশ পৰীক্ষাৰ বাবে নিজকে প্ৰস্তুত কৰি তুলিব লাগিব।মই ২ বছৰ ধৰি নিৰন্তৰভাৱে অধ্যয়ন কৰি মোৰ লক্ষ্য প্ৰাপ্ত কৰিছিলো। প্ৰথমতে, মই ১৫-১৬ ঘণ্টা অধ্যয়ন কৰিছিলো কিন্তু তথাপিও মই ভাবিছিলো যে মই সঠিকভাৱে প্ৰস্তুতি কৰিবলৈ সক্ষম হোৱা নাই।
সেই সময়ত, মোৰ এজন শিক্ষকে মোৰ অসুবিধা বুজি পাইছিল আৰু বুজাইছিল যে পঢ়াৰ সময় গুৰুত্বপূৰ্ণ নহয়, কিন্তু কিমান ঘণ্টা গভীৰভাৱে চেষ্টা কৰি থাকিব পাৰি সেয়াহে গুৰুত্বপূৰ্ণ।মই মোৰ হেৰুৱা আত্মবিশ্বাস ঘূৰাই পাইছিলোঁ।মই প্ৰতিদিনে পঢ়ি, নিজকে অত্যাধিক বোজা প্ৰদান নকৰি,টেনচন অবিহনে পঢ়ি এই সফলতা অৰ্জন কৰিছো। মই বোৰ্ড আৰু এনইইটিৰ বাবে প্ৰস্তুতিৰ ভাৰসাম্য বজাই ৰাখিছিলো।"
Comments