গুৱাহাটী, ৩ নৱেম্বৰঃ দিনৰ দিনটো লেপটপ অথবা কম্পিউটাৰত কাম কৰাৰ ফলত এক প্ৰকাৰে মানুহৰ দৃষ্টিশক্তি দুৰ্বল হৈ পৰিছে। ইয়াৰ লগতে প্ৰদূষিত বায়ুয়ে বিভিন্ন ধৰণৰ চকুৰ সমস্যাৰ সৃষ্টি কৰি আহিছে। চকুৰ খজুৱতি, জ্বলা-পোৰা আৰু ৰঙা পৰা অতি সমস্যা সচৰাচৰ সকলোৰে ক্ষেত্ৰত দেখা যায়। এনেধৰণৰ সমস্যাবোৰ সাধাৰণতে ড্ৰাই চিণ্ড্ৰোমৰ লক্ষণ হ'ব পাৰে।
ইয়াক এৰাই চলিবলৈ, চকুৰ আৰ্দ্ৰতা বৰ্তাই ৰখাটো অতি গুৰুত্বপূৰ্ণ। এইটো তেতিয়াহে হ'ব যদি ব্যক্তিজনে দৈনন্দিন ৰুটিনত সৰু সৰু কথা মনত ৰাখে। এই সমস্যাবোৰৰ পৰা সকাহ পাবলৈ ব্যৱহাৰ এই ৩ টা সহজ ঘৰুৱা প্ৰতিকাৰ অতিকৈ কাৰ্যকৰী।
১. চকু দুটাক ক্ষন্তেক সময়ৰ বাবে জিৰণি দিয়ক
মানুহে কম্পিউটাৰ চলাওঁতে বা কাম কৰোঁতে অনবৰতে স্ক্ৰীণলৈ চাই থাকে, ইয়াৰ লগতে সমানে লেপটপ আৰু ম'বাইল নিৰীক্ষণ কৰি থকা যায়। ইয়াৰ ফলত চকুৰ বিষ হ'ব পাৰে। চকু নিৰস হৈ যাব পাৰে। সাধাৰণতে এজন মানুহে ১ মিনিটত কমেও ১৫ ৰ পৰা ৩০ বাৰ চকুৰ পতাৰে চকুদুটা টিয়াই থাকিব লাগে। লগতে প্ৰত্যেক ২০ মিনিটত কমেও ২০ ছেকেণ্ডৰ বাবে চকুদুটাক জিৰণি দিব লাগে।
২. চশমা নিপিন্ধাকৈ বাহিৰলৈ ওলাই নাযাব
বাহিৰলৈ প্ৰস্থান কৰাৰ সময়ত চশমা পিন্ধি গ'লে চকুদুটা ধুলি আৰু প্ৰদূষণৰ পৰা সুৰক্ষিত হৈ থাকে। সদায়ে ইউ ভি সুৰক্ষিত চশমা ব্যৱহাৰ কৰিব লাগে।
৩. সতেজ কৰি ৰাখিবলৈ পানী বেছিকৈ খাব লাগে
চকুদুটা সতেজ আৰু ৰসাল কৰি ৰাখিবলৈ বেছি পৰিমাণত পানী খোৱাটো নিত্যান্তই প্ৰয়োজনীয়। কিয়নো ইয়াৰ ফলত প্ৰাকৃতিকভাৱে চকুত পানীৰ উৎপাদন হয়।
বিঃদ্রঃ- এই নিবন্ধটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়ুৱৈলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ ল'ব।
Comments