গুৱাহাটী,৩ নৱেম্বৰ : বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ইতিহাস ৰচনা কৰাৰ পৰা মাত্ৰ এটা খোজ দূৰত অসম সন্তান শিৱ থাপা ৷ প্ৰতিযোগিতাখনিৰ পুৰুষৰ ৬৩.৫ কেজি শাখাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে পাঁচবাৰৰ এছিয়ান মেডেলিষ্টগৰাকী ৷
সোমবাৰে নিশা অনুষ্ঠিত খেলখনত ফ্ৰান্সৰ লৌনেছ হামৰাৱিক ৪-১ৰ ব্যৱধানত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে শিৱ থাপাই ৷ কোৱাৰ্টাৰ ফাইনেলখনত তুৰ্কীৰ কেৰেম ওৱেজমেনৰ বিপৰীতে ৰিঙত নামিব বক্সাৰগৰাকী ৷ টুৰ্ণামেন্টখনৰ ২০১৫ ৰ সংস্কৰণত ব্ৰঞ্জৰ পদক লাভ কৰিছিল থাপাই ৷সমান্তৰালকৈ, ভাৰতৰ আকাশ কুমাৰে ৫৪ কেজি শাখাৰ কোৱাৰ্টাৰ ফাইনেলত ভেনিজুৱেলৰ ওৱেল ফিন’লৰ বিপৰীতে ৰিঙত নামিব ৷ একেদৰে নৰেন্দৰ বাৰৱেলে ৯২ কেজি শাখাত আজেৱাইজানৰ মহম্মদ আব্দুল্লায়েভক বিপৰীতে ৰিঙত নামিব ৷উল্লেখ্য যে, প্ৰি-কোৱাৰ্টাৰ মেছখনত আকাশে পৰ্টোৰিকোৰ কালেব তিৰাডোক ৫-১ ৰ ব্যৱধানত পৰাস্ত কৰিছিল ৷ এই প্ৰতিযোগিতাৰ স্বৰ্ণ পদক বিজয়ীসকলে পদকৰ উপৰিও লাভ কৰিব ১ লাখ মাৰ্কিন ডলাৰ ৷একেদৰে ৰূপৰ পদক বিজয়ীসকলে পদকৰ উপৰিও লাভ কৰিব ৫০ হাজাৰ মাৰ্কিন ডলাৰ ৷ ব্ৰঞ্জৰ পদক বিজয়ী সকলৰ প্ৰতিগৰাকীয়ে পদকৰ উপৰিও লাভ কৰিব ২৫ হাজাৰ মাৰ্কিন ডলাৰ ৷
Comments