গুৱাহাটী, ৩ নৱেম্বৰঃ শিল্পা চেট্টীয়ে মাত্ৰ কিছুদিন আগতেহে তেওঁৰ জীৱনত অহা ডাঙৰ ধুমুহাৰ পৰা পৰিত্ৰাণ পাইছিল। কিয়নো তেওঁৰ স্বামী ৰাজ কুন্দ্ৰা অশ্লীল চিনেমা নিৰ্মাণৰ গোচৰত ধৰা পৰিছিল আৰু কাৰাগাৰলৈ যাব লগা গৈছিল।
ইপিনে ৰাজ কুন্দ্ৰাইও অলপতে নিজকে সামাজিক মাধ্যমৰ জগতখনৰ পৰা আঁতৰাই আনিছে। ইয়াৰ লগতে অভিনেত্রী শিল্পাৰ বহুতো পুৰণি ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ আছে। ইয়াৰে এটা ভিডিঅ'ত, জনপ্রিয় চিনেমা নিৰ্মাতা ফাৰাহ খানে ৰাজ কুন্দ্ৰাক বিয়া কৰোৱাৰ কাৰণ সুধি থকা দেখা গৈছিল।
ইপিনে,অভিনেত্ৰীগৰাকীৰ আন এটা ভিডিঅ'ত শিল্পা চেট্টীৰ সৈতে অনিল কাপুৰকো দেখুওৱা হৈছে। য'ত শিল্পা আৰু অনিল কাপুৰ ফাৰাহ খানৰ অনুষ্ঠানটোত অতিথি হিচাপে উপস্থিত আছিল। ভিডিঅ'টোত, ফাৰাহ খানে অভিনেত্রী শিল্পাক এটা প্ৰশ্ন সুধিছিল। যাৰ উত্তৰটো অনিল কাপুৰে এনেদৰে দিয়ে যে অনুষ্ঠানটোৰ সঞ্চালক ফাৰাহ আৰু শিল্পা চেট্টীয়ে হাঁহি ৰখাব পৰা নাছিল।
ফাৰাহে শিল্পাক সুধিলে, "ৰাজে কি এনে কাম কৰি দেখুৱাইছিল যাৰ বাবে আপুনি বিয়াৰ সন্মত হৈছিল।" এই প্ৰশ্নটোৰ উত্তৰত অনিল কাপুৰে কৈছিল, "ৰাজ কুন্দ্ৰাই টকা বিলাই ফুৰিছিল, সেইবাবে।" অনিল কাপুৰৰ এই উত্তৰ শুনি শিল্পাই হাঁহি ৰখাব পৰা নাছিল। যাৰ পিছত শিল্পাই হাঁহি হাঁহি কৈছিল, "ৰাজে ধনৰ উপৰিও তেওঁ হাতৰ বাহুৰ বল দেখুৱাইছিল।'" তেতিয়া আকৌ অনিল কাপুৰে কৈছিল, "ৰাজে হাতৰ বাহুত টকা সুমুৱাই ৰাখিছিল।'
Comments