গুৱাহাটী,১ নৱেম্বৰ:পৰ্যটকৰ বাবে আজিৰে পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মুকলি হ’ল হাতী ছাফাৰী ৷ পৰম্পৰা অনুসৰি হাতী ছাফাৰী আৰম্ভ কৰাৰ পূৰ্বে হাতী আৰু পৰ্যটকৰ কুশল কামনাৰে হস্তী পূজা কৰে মাউত সকলে ৷ কভিড প্ৰট’কল মানি কহঁৰা বনাঞ্চলৰ মিহিমুখত বিভাগীয় ১০ টা হাতীৰে আৰম্ভ কৰা হয় হাতী ছাফাৰীৰ।
কহঁৰা বনাঞ্চলৰ মিহিমুখত থকা ৰাইডিং টাৱাৰত ফিটা কাটি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰে শুভাৰম্ভ কৰে হাতী চাফাৰীৰ। আনপিনে ৰাষ্ট্ৰীয় উদ্যান খনৰ বাগৰী বনাঞ্চলত ফিটা কাটি হাতী ছাফাৰী মুকলি কৰে উদ্যানৰ ডিএফঅ' ৰমেশ গগৈয়ে।
বাগৰি বনাঞ্চলত পহিলা দিনটোত ৩০ টা ব্যক্তিগত হাতীৰে আৰম্ভ হয় হাতী চাফাৰী ৷ ছাফাৰীৰ প্ৰথম দিনা একাংশ বহিৰাজ্যৰ পৰ্যটকৰ লগতে চাৰি বিদেশী পৰ্যটকে হাতী ছাফাৰীৰ আনন্দ লৈ উৎফুল্লিত হৈ পৰে। উল্লেখযোগ্য যে, যোৱা ১অক্টোবৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত জীপ চাফাৰী মুকলি হৈছিল।
উদ্যানৰ সঞ্চালক পি শিৱ কুমাৰে প্ৰকাশ কৰা মতে যোৱা ১ অক্টোবৰত ৰাষ্ট্ৰীয় উদ্যানখত জীপ ছাফাৰী আৰম্ভ হোৱাৰ পাছত প্ৰায় ১৮ হাজাৰ পৰ্যটকে ৰাষ্ট্ৰীয় উদ্যানখন দৰ্শন কৰাৰ বিপৰীতে ৩৫ লক্ষাধিক টকা ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে উদ্যান কৰ্তৃপক্ষ৷ইপিনে আন্তৰাষ্ট্ৰীয় বিমানৰ যাতায়ত সুচাৰুৰূপে হ'লে বিদেশী পৰ্যটকৰ সংখ্যা বৃদ্ধি হ'ব বুলি আশাবাদী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ।
Comments