গুৱাহাটী ঃ ষ্টাফ ৰিপ’র্ৰ, ১ নৱেম্বৰ ঃ ৰাজ্যৰ চিকিৎসালয়সমূহত আজিৰপৰা পুনৰ তিনিদিনৰ বাবে বহিঃবিভাগৰ চিকিৎসা সেৱা বন্ধ হৈ পৰিছে৷ ৰাজ্যৰ চিকিৎসকসকলৰ দীর্ঘদিনৰ সমস্যা সমাধানৰ বাবে যি দাবী উত্থাপন কৰি আহিছিল সেই দাবী চৰকাৰে পূৰণ নকৰাৰ বাবে আজিৰপৰা এই আন্দোলন আৰম্ভ কৰা হয়৷ ইয়াৰ ফলত ৰাজ্যৰ প্রান্তে প্রান্তে সর্বসাধাৰণ ৰোগী ব্যাপক সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে৷
লক্ষণীয় যে শেহতীয়াকৈ অসম চৰকাৰৰ সৈতে অসম চিকিৎসা সেৱা সন্থাৰ এক আলোচনা সম্পন্ন হৈছিল যদিও আলোচনা ব্যর্থ হোৱাৰ পাছতেসন্থাই আজিৰ পৰা আন্দোলন আৰম্ভ কৰে৷ লক্ষণীয়ভাৱে চিকিৎসকসকলে কেৱল বহিঃবিভাগৰ কর্তব্যহে বর্জন কৰিছে, জৰুৰীকালীন সেৱা বা আন্তঃবিভাগৰ সেৱা অব্যাহত ৰাখিছে৷ উল্লেখযোগ্য যে চৰকাৰী চিকিৎসকসকলৰ দৰমহা আৰু গ্রেড এ আৰু গ্রেড বিৰ ক্ষেত্রত দৰমহাৰ বৈষম্যসহ অন্য সুবিধাৰ ক্ষেত্রত থকা আসোঁৱাহ সমাধান কৰাৰ বাবে দীর্ঘদিনধৰি ১১ দফীয়া দাবী উত্থাপন কৰি অহা হৈছে৷
শেহতীয়াকৈ চৰকাৰৰ সৈতে এক আলোচনাত মিলিত হৈছিল চিকিৎসা সেৱা সন্থা৷ কিন্তু চৰকাৰে এই আলোচনাৰ কার্যবিৱৰণীত এইপর্যন্ত স্বাক্ষৰ নকৰা কার্যত সন্থা ক্ষুব্ধ হৈ পৰিছে৷ সেয়ে আজিৰ পৰা তিনিদিনৰ বাবে চিকিৎসকসকলে চৰকাৰী চিকিৎসালয়সমূহৰ বহিঃবিভাগত সেৱা আগবঢ়োৱাৰ পৰা বিৰত আছে৷ বহিঃবিভাগৰ কর্তব্য বর্জন কৰিলেও চিকিৎসকসকলে জৰুৰীকালীন সেৱাৰ ক্ষেত্রত কোনো ত্রুটীকৰা নাই৷ আন্দোলনকাৰী চিকিৎসকসকলে আগন্তুক দুদিনৰ ভিতৰতে চৰকাৰে তেওঁলোকৰ দাবী পূৰণ কৰাৰ আশা প্রকাশ কৰিছে৷
প্রণিধানযোগ্য যে সন্থাই যোৱা ১৯ অক্টোবৰৰ পৰা আন্দোলন আৰম্ভ কৰিছিল৷ সন্থাই ২২ অক্টোবৰৰ উপৰি ২৬ৰ পৰা ২৮ অক্টোবৰলৈয়ো বহিঃবিভাগৰ কর্তব্য বর্জন কৰি প্রতিবাদ সাব্যস্ত কৰিছিল৷ ইফালে কভিডসৃষ্ট কঠিন পৰিস্থিতিত ৰাজ্যৰ চিকিৎসকসকলে কর্তব্য বর্জন কৰিলে জটিল সমস্যাৰ সৃষ্টি হোৱাৰ আশংকাই দেখা দিছে৷
ইফালে আজি ৰাজ্যৰ প্রান্তে প্রান্তে থকা বিভিন্ন স্বাস্থ্যকেন্দ্রৰ পৰা আৰম্ভ কৰি সকলো চৰকাৰী চিকিৎসালয়সমূহত বহিঃবিভাগৰ চিকিৎসা বন্ধ হৈ পৰাত সাধাৰণ ৰোগীৰ ব্যাপক সমস্যাৰ সৃষ্টি হোৱাৰ তথ্য পোৱা গৈছে৷ আনহাতে চিকিৎসা সেৱা সন্থাই সাধাৰণ জনতাক বন্ধকত থৈ আন্দোলন কৰাৰ পক্ষপাতী নহয় বুলি স্পষ্ট কৰি কভিড পৰিস্থিতি উন্নত হোৱাৰ বাবেহে নিজৰ সমস্যা সমাধানৰ বাবে আন্দোলনৰ পথ ল’বলগীয়া হোৱা বুলি সদৰী কৰে৷
তেনে পৰিস্থিতিত চৰকাৰে আলোচনাৰ মাধ্যমেৰে চিকিৎসকসকলৰ সমস্যা সমাধানৰ বাবে আগবাঢ়ি আহিব বুলি সকলোৱে আশা প্রকাশ কৰিছে৷ প্রণিধানযোগ্য যে চিকিৎসা সেৱা সন্থাই আন্দোলনৰ পূর্বেই সমস্যা সমাধান হোৱাৰ আশা কৰিছিল৷ যদি আন্দোলন চলি থকা সময়তে চৰকাৰে সন্থাক মাতি পুনৰ আলোচনাত বহি সমস্যা সমাধান কৰি দিয়ে, তেনেহ’লে আধাতে আন্দোলন প্রত্যাহাৰ কৰাৰ দৰে সিদ্ধান্ত লোৱা হ’ব বুলিও স্পষ্ট কৰি দিছে৷
Comments