গুৱাহাটী, ২ নৱেম্বৰঃ মহাৰাষ্ট্ৰৰ প্ৰাক্তন গৃহমন্ত্ৰী অনিল দেশমুখক প্ৰৱৰ্তন সঞ্চালকালয়ে ১০০ কোটি টকাৰ পুনৰুদ্ধাৰ আৰু ধন ৰপ্তানিৰ গোচৰত গ্ৰেপ্তাৰ কৰিছে। ইডিয়ে সোমবাৰে অনিল দেশমুখক সোধপোছৰ বাবে মাতি পঠিয়াইছিল আৰু ইডিয়ে অনিল দেশমুখক ১২ ঘণ্টাতকৈও অধিক সময় জেৰা চলোৱাৰ অন্তত গ্ৰেপ্তাৰ কৰে।
এই অভিযোগৰ বাবে অনিল দেশমুখে এই বছৰৰ এপ্ৰিল মাহত পদত্যাগ কৰিব লগা হৈছিল। প্ৰৱৰ্তন সঞ্চালকালয়ে মঙলবাৰে পি এম এল এ আদালতত অনিল দেশমুখক হাজিৰ কৰিব আৰু ৰিমাণ্ড বিচাৰিব। অৱশ্যে, অনিল দেশমুখৰ অধিবক্তাই কৈছে যে, "তেওঁ আদালতত গ্ৰেপ্তাৰৰ বিৰোধিতা কৰিব।"
এন চি পি নেতা তথা মহাৰাষ্ট্ৰৰ প্ৰাক্তন গৃহ মন্ত্ৰী অনিল দেশমুখ তেওঁৰ অধিবক্তাৰ সৈতে পুৱা প্ৰায় ১১.৪০ বজাত দক্ষিণ মুম্বাইৰ বেলাৰ্ড ইষ্টেট অঞ্চলৰ ইডি কাৰ্যালয়ত উপস্থিত হৈছিল। দেশমুখে পূৰ্বতে ইডিৰ দ্বাৰা জাৰি কৰা পাঁচটা চমনৰ পিছতো সংস্থাটোৰ সন্মুখত হাজিৰ হোৱা নাছিল, কিন্তু যোৱা সপ্তাহত ব'ম্বে উচ্চ ন্যায়ালয়ে চমন বাতিল কৰিবলৈ অস্বীকাৰ কৰাৰ পিছত সংস্থাটোৰ সন্মুখত হাজিৰ হ'বলগীয়া হৈছিল।
Comments