গুৱাহাটী, ৫ নৱেম্বৰঃ অসমবাসীক পুনৰ এবাৰ গৌৰৱাম্বিত কৰি অসমৰ দুগৰাকী যুৱতী ক্ৰমে শিৱাংগী শৰ্মা আৰু আস্থা চৌধুৰীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত স্বৰ্ণ পদক বুটলিবলৈ সক্ষম হৈছে। ইয়াৰে শিৱাংগী নামৰ সাঁতোৰবিদ গৰাকীয়ে শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা ৭৪ তম ছিনিয়ৰ নেচনেল একুৱেটিক চেম্পিয়নশ্বিপত তিনিটাকৈ স্বৰ্ণ লাভ কৰিবলৈ সক্ষম হৈছে। শিবাংগীয়ে ৪০০ মিটাৰ ফ্ৰী-ষ্টাইল, ১০০ মিটাৰ ফ্ৰী-ষ্টাইল আৰু ২০০ মিটাৰ ফ্ৰী-ষ্টাইল ইভেণ্টত স্বৰ্ণ পদক জয় কৰিছে।
ইয়াৰ উপৰিও শিবাংগীয়ে ২০২০ চনত অনুষ্ঠিত হোৱা তৃতীয় খেলো ইণ্ডিয়া য়ুথ গেমছত পাঁচটাকৈ স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ লগে লগে শিবাংগী অসমবাসীৰ বাবে এগৰাকী আগন্তুক তাৰকা খেলুৱৈ হিচাপে বিবেচিত হৈছে।
আনহাতে, আন এগৰাকী যুৱতী তথা সাঁতোৰবিদ আস্থানা চৌধুৰীয়েও ১০০ মিটাৰ বাটাৰফ্লাইত স্বৰ্ণ, ৫০ মিটাৰ বাটাৰফ্লাইত ৰূপ, ২০০ মিটাৰ বাটাৰফ্লাইত দুটা ব্ৰঞ্জ আৰু ২০০ মিটাৰ ফ্ৰী-ষ্টাইল সাঁতোৰ প্ৰতিযোগিতাত স্বৰ্ণ পদক জয় কৰিবলৈ সক্ষম হৈছে। ইয়াৰ পূৰ্বে, আস্থানাই ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰিছিল আৰু ২০২২ চনত অনুষ্ঠিত হ'বলগীয় এছিয়ান গেমছৰ বাবে লক্ষ্য স্থিৰ কৰি ৰাখিছে।
Comments