গুৱাহাটী, ৬ নৱেম্বৰঃ সাধাৰণতে যুৱতী-মহিলাসকলে মুখমণ্ডলৰ সৌন্দৰ্য বৃদ্ধিৰ বাবে বিভিন্ন ধৰণৰ পৰিচৰ্য্যা কৰে। কিন্তু এই সামগ্ৰীবোৰৰ নামত অধিক পৰিমাণত ধন ব্যয় কৰাতকৈ পাকঘৰত থকা এইবিধ দাইলেৰে মুখমণ্ডলৰ যতন ল'ব পাৰে। এই দাইল খাবলৈ যেনেকৈ উৎকৃষ্ট, তেনেদৰে ছালৰ বাবেও অত্যন্ত উপকাৰী বুলি গণ্য কৰা হয়। এই দাইলবিধ হৈছে মচুৰ দাইল। ইয়াত অধিক পৰিমাণত প্ৰ'টিন থাকে, যি শৰীৰৰ বাবে অতিকৈ উপকাৰী। কিন্তু বেছি সংখ্যক মানুহেই নাজানে যে ই মুখমণ্ডল পৰিষ্কাৰ কৰাৰ বাবেও উপযোগী।
স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে অধিক হাৰত প্ৰ'টিনৰ মাত্ৰা পোৱা মচুৰ দাইলৰ দ্বাৰা তৈয়াৰ কৰা ফেইচ পেকে মৃত ছালৰ কোষবোৰ আঁতৰ কৰে আৰু ছালখন উজ্জ্বল কৰি তুলিব পাৰে। গুৰুত্বপূৰ্ণ কথাটো হ'ল যে এই মাহজাতীয় শস্যবোৰ সকলো প্ৰকাৰৰ ছালৰ বাবে অতিকৈ উপকাৰী।
মুখমণ্ডলৰ লগতে ছালউন্নত কৰাৰ বাবে মচুৰ দাইলৰ ফেইচ পেক প্ৰস্তুত কৰা পদ্ধতিসমূহঃ
১. মচুৰ দাইল, চাউল আৰু মৌৰ ফেইচ পেক
• চাৰি চামুচ মচুৰ দাইল আধা কাপ পানীত ৰাতিটো তিয়াই ৰাখক।
• পিছদিনা ৰাতিপুৱা, ইয়াক মিক্সাৰত ভালদৰে গুৰি কৰি এটা পেষ্ট বনাওক।
• তাৰ পিছত দুই চামুচ চাউলৰ গুড়ি যোগ দি এটা মিশ্ৰণ তৈয়াৰ কৰি লওক।
• তাৰ পিছত ইয়াত এক চামুচ মৌ যোগ দিয়ক।
• তিনিওটা বস্তু ভালদৰে মিহলি কৰক।
• যদি পেষ্টটো অত্যাধিক ডাঠ হয়, আপুনি ইয়াক মসৃণ কৰিবলৈ এক চামুচ গাখীৰ যোগ দিব পাৰে।
• এই পেষ্টটো মুখত প্ৰয়োগ কৰক আৰু ২০ মিনিটৰ বাবে এৰি দিয়ক।
• পাঁচ মিনিট সময় মুখখন পাতল হাতেৰে মালিচ কৰক আৰু মুখখন পানীৰে ধুই দিয়ক।
২. মচুৰ দাইল, এলোভেৰা আৰু নেমুৰ ফেইচ পেক
• প্ৰথমে মচুৰ দাইল খিনি ৰাতিটো পানীত তিয়াই ৰাখক।
• পিছদিনা ইয়াৰ এটা মিহি পেষ্ট বনাই লওক।
• তাৰ পিছত এক এলোভেৰা জেল আৰু এক চামুচ নেমুৰ ৰস যোগ দিয়ক।
• এই মিশ্ৰণটো ভালদৰে মিহলি কৰক।
• এই পেষ্টটো পিছত মুখ আৰু ডিঙিত প্ৰয়োগ কৰক।
• ইয়াক ২০ মিনিটৰ বাবে এৰি দিয়ক।
• মুখখন ধোৱাৰ আগতে পাঁচ মিনিটৰ বাবে মালিচ কৰক আৰু পিছত মুখখন ধুই দিয়ক।
৩. মচুৰ দাইল, গাখীৰ আৰু কাঠবাদামৰ ফেইচ পেক
• চাৰি চামুচ মচুৰ দাইল আৰু চাৰিটা কাঠবাদাম আধা কাপ গাখীৰত ৰাতিটো তিয়াই ৰাখক।
• তাৰ পিছত, পিছদিনা, দুয়োবিধ সামগ্রীক মিক্সাৰত ভালত
দৰে মিহিকৈ গুৰি কৰি লওক।
• এই পেষ্টটো মুখ আৰু ডিঙিত প্ৰয়োগ কৰক আৰু ২০ মিনিটৰ বাবে এৰি দিয়ক।
• ৫ মিনিট পিছত পাতল হাতেৰে মালিচ কৰক আৰু আপোনাৰ মুখখন পৰিস্কাৰ পানীৰে ধুই পেলাওক।
Comments