গুৱাহাটী, ৬ নৱেম্বৰঃ মুম্বাই আৰিয়ান খান ড্ৰাগছ গোচৰৰ লগতে ৬ টা গোচৰৰ তদন্তৰ পৰা এনচিবিৰ আঞ্চলিক সঞ্চালক সমীৰ ৱানখেডেক অপসাৰণ কৰাৰ পিছত, এনচিবি এছ আই টিয়ে গোচৰৰ তদন্ত কৰিব। এছ আই টি দলটো তদন্তৰ বাবে মুম্বাইলৈ ৰাওনা হয়।
পুৱা ৯:৩৫ বজাত এয়াৰ ইণ্ডিয়াৰ বিমানত মুম্বাইত উপস্থিত হোৱা এনচিবি এছআইটি দলটোৱে এই অভিযানটো এছআইটিৰ মুৰব্বী আৰু ডিডিজি অপাৰেচন সঞ্জয় সিঙৰ নেতৃত্বত চলিব।
দিল্লীৰ উপৰিও দেশৰ আন ৰাজ্যৰ এনচিবি গোটৰ বহুবিষয়াক উক্ত ৬ টা গোচৰৰ তদন্তৰ বাবে মুম্বাইলৈ মাতি অনা হৈছে। বিষয়টোক লৈ মুম্বাইত হোৱা আলোড়নৰ মাজত দিল্লীও এক উন্মাদনাত আছে। দৰাচলতে, আৰিয়ান খান গোচৰৰ তদন্তকাৰী বিষয়া আশীষ ৰঞ্জন প্ৰসাদক দিল্লীত এনচিবিৰ ভিজিলেন্স দলে দুদিন পৰ্যন্ত কেইবা ঘণ্টা ধৰি সোধা-পোছা কৰিছিল।
ইপিনে, মুম্বাইত তেওঁৰ বিবৃতি লিপিবদ্ধ কৰাৰ আগতে এন চি এনৰ ভিজিলেন্স দলে দ্বিতীয়বাৰৰ বাবে আশীষ ৰঞ্জন প্ৰসাদক জেৰা কৰিছিল। তেওঁক একে মাহৰ ২ আৰু ৩ নৱেম্বৰত জেৰা চলোৱা হৈছিল।
Comments