গুৱাহাটী, ৬ নৱেম্বৰঃ ক্ৰিকেটাৰ কে এল ৰাহুলে অভিনেত্ৰী আথিয়া চেট্টীৰ ২৯ তম জন্মদিন উপলক্ষত ইনষ্টাগ্ৰামৰ এটা পোষ্টৰ জৰিয়তে তেওঁৰ সম্পৰ্কৰ বিষয়ে বিশেষ কিছু কথা প্ৰকাশ কৰিছিল। য'ত কে এল ৰাহুলে তেওঁলোকৰ মাজত থকা সম্পর্কটোক আনুষ্ঠানিক মৰ্যাদা দিয়ে।
কে এল ৰাহুলে আথিয়া চেট্টীৰ সৈতে তোলা ফটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছিল। দুয়োকে ফটোখনত এক ৰোমান্টিক ৰূপত দেখা গৈছে। লগতে দ্বিতীয় খন ছবিত তেওঁলোকে কেমেৰালৈ চাই হাঁহি থকা দেখা গৈছে।
কে এল ৰাহুলে শ্বেয়াৰ কৰা ফটোখনৰ শিৰোনাম দিছিল "শুভ জন্মদিন মোৰ আথিয়াচেট্টি।" এই পোষ্টটোত বৰ্তমান ১.৯ নিযুত লাইক (Like) আহিছে।
আথিয়া আৰু ৰাহুলক প্ৰায়ে একেলগে দেখা যায়। অৱশ্যে দুয়োজনে সদায়ে তেওঁলোকৰ সম্পৰ্কৰ বিষয়ে নীৰৱ হৈ আছিল। আথিয়াক শেষবাৰৰ বাবে নৱাজউদ্দিন চিদ্দিকীৰ সৈতে 'মতিচুৰ চকনাচুৰ' চিনেমাখনত দেখা গৈছিল।
Comments