গুৱাহাটী,৪ নৱেম্বৰ:উত্তৰ–পূবৰ অন্যতমব্যস্ত অঞ্চল হিচাপে পৰিচিত ৰাজ্যৰ ৰাজধানী দিছপুৰ অঞ্চলক যান–জঁটৰ পৰা মুক্ত কৰাৰ লক্ষ্যৰে দিছপুৰ ছুপাৰ মার্কেটৰ নৱনির্মিত উৰণীয়া সেতুখন আজি মুকলি কৰিব মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ৷ নির্ধাৰিত সময়তকৈ ১৪ মাহ পূর্বেই নির্মাণকার্য সম্পূর্ণ কৰি অসমৰ লোকনির্মাণ বিভাগৰ ইতিহাসত এক নতুন মাত্রাৰ সূচনা কৰিবলৈ সক্ষম হোৱা বিভাগটোৱে এতিয়া উৰণীয়া সেতুখন উদ্বোধনী অনুষ্ঠানটো সুকলমে সম্পন্ন কৰাৰ বাবে তৎপৰতা আৰম্ভ কৰিছে ৷
উৰণীয়া সেতুখন শেষবাৰৰ বাবে মঙলবাৰে দিনৰ ভাগত পর্যবেক্ষণ কৰিছিল লোকনির্মাণ পথ বিভাগৰ আয়ুক্ত আৰু সচিব ৰাজেশ কেম্পৰাই আৰু মুখ্য অভিযন্তা সঞ্জীৱ শ্যামে ৷ আনহাতে আয়ুক্ত আৰু বিশেষ সচিব ৰাজেশ কেম্পৰায়ে দিছপুৰ ক্ষেত্রীয় পথ সংমণ্ডলৰ কার্যবাহী অভিযন্তাকে ধৰি সংশ্লিষ্ট অভিযন্তা, ক্ষেত্র সহায়ক সকলোকে উৰণীয়া সেতুখনৰ নির্মাণকার্য নির্ধাৰিত ৩৬ মাহৰ সলনি মাত্র ২২ মাহৰ ভিতৰতে নির্মাণ কৰি বিভাগলৈ গৌৰৱ কঢ়িয়াই অনা বাবে ধন্যবাদ জ্ঞাপন কৰে ৷ ইয়াৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ঠিকাদাৰ আৰু অভিযন্তা সকলক এটা টীমৰ মনোভাবেৰে কাম কৰা বাবে নির্ধাৰিত সময়তকৈ ১৪ মাহ পূর্বে নির্মাণকার্য সম্পন্ন কৰা বিষয়টোৰ শলাগ লোৱা বুলিও আয়ুক্ত আৰু বিশেষ সচিবগৰাকীয়ে সদৰী কৰে ৷আজিৰ উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত থাকিব কুইন ওজা, সিদ্ধাৰ্থ ভট্টাচাৰ্য্য, অশোক সিংঘাল,অতুল বৰা।
Comments