গুৱাহাটী,৪ নৱেম্বৰ:দীপাৱলী-ভাইফোঁটৰ আগতে সৰিয়হ তেলসহ বিভিন্ন খাদ্য সামগ্ৰী হিচাপে ব্যৱহাৰ কৰা তেলৰ মূল্য হ্ৰাস হ'ব বুলি জনাইছে ভাৰত চৰকাৰে । পাম, ছয়াবিন বা সূর্যমুখী ফুলৰ তেলৰ মূল্য আপেক্ষিক ভাবে কমিলেও, সৰিয়হ তেলৰ মূল্য কমা নাছিল । অৱশেষত চৰকাৰক সহায় কৰি তেল প্রস্তুতকাৰী সংস্থাবোৰে সৰিয়হ তেলসহ অন্য তেলৰ মূল্য কমোৱাৰ কথা ঘোষণা কৰিলে । পাইকাৰী বজাৰত প্রতি লিটাৰত মাত্র চাৰিৰ পৰা সাত টকা মূল্য কমোৱা হ’ব বুলি এই সংস্থাবোৰে জনাইছে ।
খাদ্য হিচাপে ব্যৱহাৰ কৰা তেল সংস্থাবোৰৰ সংগঠন— ছলভেন্ট এক্সট্রেক্টৰ এছ’চিয়েচনে আজি জনাইছে যে জনসাধাৰণক সকাহ দিবৰ বাবেই তেওঁলোকে তেলৰ মূল্য কমাইছে । সংস্থাসমূহৰ ভিতৰত আছে আদানি উইলমাৰ, ৰুচি ছয়া-ৰ দৰে জনপ্ৰিয় তেল প্রস্তুতকাৰী সংস্থা ।
জেমিনি এডিবলছ, মোদী নেচাৰেলছ, গকুল ৰিফয়েলছ, বিজয় ছলভেক্স, গকুল এগ্র’, এন কে প্রোটিনছ-ৰ দৰে সংস্থাইও তেলৰ মূল্য কম কৰিছে । এছ’চিয়েচনৰ সভাপতি অতুল চতুর্বেদীয়ে কয় যে, পাইকাৰী বজাৰত প্রতি টন সৰিয়হ তেল আৰু অন্যান্য তেলত চাৰি হেজাৰৰ পৰা সাত হেজাৰ টকা পর্যন্ত মূল্য কমোৱা হৈছে । প্রতিটো সংস্থাই এই বিষয়ত প্রতিশ্রুতি দি মূল্য কমোৱা আৰম্ভ কৰিছে ।
পেট্ৰ’ল-ডিজেলৰ দৰে আন্তৰ্জাতিক বজাৰৰ মূল্য বৃদ্ধি পোৱাৰ বাবেই এই তেলৰ মূল্য বৃদ্ধি পাইছে বুলি জনাইছিল কেন্দ্ৰই । কাৰণ পাম, ছয়াবিন তেলৰ অধিকাংশ বিদেশৰ পৰা আমদানি কৰা হয় । কিন্তু সৰিয়হ তেলৰ মূল্যৰ স’তে আমদানিৰ কোনো সম্পর্ক নাই । চৰকাৰৰ যুক্তি আছিল, পাম-ছয়াবিনৰ মূল্য বৃদ্ধি পোৱাৰ বাবেই সৰিয়হ তেলৰ মূল্যও বাঢ়িছে । চতুর্বেদীয়ে কয়, ছয়াবিন, বাদামৰ শস্যৰ ক্ষেত্রত চলিত বৰ্ষত দেশত ভাল উৎপাদন হৈছে । আন্তর্জাতিক বজাৰতো এই সমূহ তেলৰ মূল্য কমিছে।
Comments