গুৱাহাটী,৪ নৱেম্বৰ:মঙলদৈ চহৰত সংঘটিত হ’ল এক আজব চুৰিকাণ্ড । এটা শিৱ মন্দিৰত মঙ্গলবাৰে নিশা সংঘটিত হয় এই চুৰি কাৰ্য । নিশা চোৰে মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰি বিভিন্ন সামগ্ৰী নিয়াৰ লগতে মন্দিৰৰ ভিতৰভাগ লণ্ডভণ্ড কৰি থৈ যায় । পিছে এইবাৰ চোৰৰ লক্ষ্য ধন বা সোণৰ মূৰ্তি নহয় ৷ মিঠাতেলৰ বটলহে লক্ষ্য কৰি ল’লে চোৰে । মন্দিৰৰ জমা ধনৰ লগতে কাতি মহীয়া পুঁথি পাঠৰ বাবে চাকি জ্বলাবলৈ জমা ৰখা ৬ লিটাৰ মিঠাতেল নিশা চুৰি কৰিলে চোৰে ।
নিঃসন্দেহে এক আজব চুৰিকাণ্ডক লৈ সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । মন্দিৰ পৰিচালনা সমিতিয়ে প্রতিক্রিয়া ব্যক্ত কৰি কয় যে মন্দিৰৰ মিঠাতেল চুৰি কৰা ঘটনা পূৰ্বে দেখাও নাই শুনাও নাই । দামবৃদ্ধিৰ বাবেই চোৰে মিঠাতেলৰ বটল লক্ষ্য কৰা বুলি সন্দেহ কৰে গেৰিমাৰী শিৱ মন্দিৰ সমিতিয়ে ।আনহাতে মন্দিৰ চৌহদতে চোৰৰ সুমতি হওক বুলি বুধবাৰে ৰাইজে একেলগে প্ৰাৰ্থনা কৰে ।
Comments