গুৱাহাটী,৪ নৱেম্বৰ:কৰ'না ভাইৰাছৰ কবলৰ পৰা সমগ্ৰ বিশ্ব এতিয়াও হাত সাৰিব পৰা নাই।তেনে সময়তে ভাৰতত পুনৰ ’জিকা’ নামৰ আন এক ভাইৰাছৰ দ্ৰুত সংক্ৰমণ হৈছে। অৱশ্যে এই জিকা ভাইৰাছ নতুন নহয় পূৰ্বৰে পৰা ভাৰতত ‘জিকা’ ভাইৰাছৰ উপস্থিতি মাজে মাজে দেখা যায়। এনে ঘটনা প্ৰায় বিৰল আছিল কিন্তু শেহতীয়াকৈ এই ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি হৈ আহিছে ।
প্ৰথম অৱস্থাত এই ভাইৰাছ কেৰেলাৰ কেইগৰাকী মান ব্যক্তিৰ দেহত দেখা দিছিল। তাৰ মাজত আছিল এগৰাকী গৰ্ভৱতী মহিলা।উল্লেখযোগ্য যে এই জিকা ভাইৰাছ ম’হৰ দ্বাৰা সংক্ৰমিত হয়। শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ কানপুৰত নতুনকৈ ১৪ গৰাকী ব্যক্তিৰ দেহত ধৰা পৰিছে এই ‘জিকা’ ভাইৰাছ ।
পূৰ্বেও কানপুৰত কেইবাগৰাকী লোকৰ দেহত এই ভাইৰাছৰ অৱস্থিতি পোৱা গৈছিল। নতুনকৈ জিকা ভাইৰাছত আক্ৰান্ত হোৱা সকলৰ সৈতে জিলা খনত বৰ্তমান সৰ্বমুঠ ২৫ গৰাকী লোক জিকা ভাইৰাছৰ আক্ৰান্ত হৈ আছে। জিলা খনত এইদৰে জিকা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ পাছত চিন্তিত হৈ পৰিছে স্বাস্থ্য বিভাগ। এই সন্দৰ্ভত স্বাস্থ্য বিভাগৰ কৰ্মচাৰী সকলে কেইবা লানি বিশেষ বৈঠক অনুষ্ঠিত কৰিছে ।
বিগত ১ নৱেম্বৰত জিলা খনত ‘জিকা’ ত আক্ৰান্ত ৰোগীৰ সংখ্যা আছিল মাত্ৰ ৬ জন।এই ৬ গৰাকী ৰোগীৰ ভিতৰত ৪ গৰাকীয়ে আছিল মহিলা। উল্লেখ্য যে জিলা খনত প্ৰথম বাৰৰ বাবে অক্টোবৰত এগৰাকী বায়ুসেনাৰ কৰ্মচাৰী জিকা ভাইৰাছত আক্ৰান্ত হৈছিল। প্ৰাপ্ত তথ্য মতে দিল্লীৰ পৰা অহা এটা বিশেষজ্ঞ দলে জিকা ৰ সন্দৰ্ভত অনুসন্ধান আৰম্ভ কৰিছিল।
Comments