গুৱাহাটী, ৪ নৱেম্বৰঃ জীৱনৰ আটাইতকৈ ব্যয়বহুল ফলবিধ খোৱাৰ ভাগ্য চাগে কিছুসংখ্যক লোকৰহে হৈছে। বৰ্তমান ভাৰতবৰ্ষত পিয়াজ, বিলাহী আদি পাচলিৰ যথেষ্ট মূল্যবৃদ্ধি হৈছে। কিন্তু পৃথিৱীত এনে এবিধ ফল আছে, যাৰ তুলনাত পিয়াজ, বিলাহী আদি পাচলিৰৰ বৰ্ধিত তেনেই নগণ্য। ইয়াৰ মূল্য সোণতকৈ বেছি। জীৱনত সকলো মানুহে নিশ্চয়ই আপেল, কমলা, আঙুৰ, আম আদি ফল-মূল খাই পাইছে। কিন্তু কোনো মানুহে হয়টো লাখটকীয়া ফল খাই পোৱা নাই।
এই ফলবিধ যেনেকৈ মূল্যৱান, তেনেদৰে ই সোৱাদতো অতি উত্তম। এই ফলবিধৰ সলনি অতি সহজে সোণ বিনিয়োগ কৰিব পাৰিব। এই ফলবিধ নাম হৈছে য়ুবৰি মেলন, যি তৰমুজৰ পৰিয়ালৰ এবিধ উৎকৃষ্ট নানৰ ফল। ইয়াক পৃথিৱীৰ আটাইতকৈ ব্যয়বহুল ফল বুলিও কোৱা হয়। এই ফলৰ খেতি কেৱল জাপানত কৰা হয়, আৰু কেৱল ধনী লোকসকলেহে ইয়াক ক্ৰয় কৰি খাব পাৰে।
জাপানৰ য়ুবৰি নামৰ এই তৰমুজবিধৰ খেতি য়ুবৰি অঞ্চলতহে কৰা হয়। ইয়াৰে দুটা য়ুবৰী কস্তুৰী তৰমুজে ২০১৯ চনত এক অভিলেখ মূল্য নিৰ্ধাৰণ কৰিছিল, যেতিয়া এই তৰমুজ ৪৫,০০০ ডলাৰ ভাৰতীয় মূল্যত প্ৰায় ৩৩ লাখতকৈও অধিক টকাত নিলাম কৰা হৈছিল। বৰ্তমান ভাৰতত ইয়াৰ মূল্য় প্ৰায় ১৮ লাখ টকা।য়ুবৰী ফলবিধ একেবাৰে তৰমুজৰ দৰে দেখা যায়, যাৰ সোৱাদ মিঠা আৰু ৰং কমলা হয়।
Comments