গুৱাহাটী,৪ নৱেম্বৰ:ক’ভিড–১৯ মহামাৰীয়ে বিশ্বৰ বিভিন্ন দেশৰ লগতে আমেৰিকাতো মানুহৰ জীৱিকালৈ কঢ়িয়াই আনিছে চৰম অনিশ্চয়তা ৷ আনকি দেশখনৰ শিক্ষাখণ্ডত নিয়োজিত বহু কর্মীয়ে জীৱিকাৰ পথ সলনি কৰিবলগীয়া হৈছে ৷ মহামাৰীৰ সময়ত এটা প্রাপ্তবয়স্ক বা পর্ণ ৱেবছাইটৰ মডেল হ’বলগীয়া হৈছে এগৰাকী বাংলাদেশী শিক্ষয়িত্রী ৷ ‘অনলী ফেনছ’ নামৰ ৱেবছাইটটোত কাম কৰি অৱশ্যে এতিয়া অনুতপ্ত হৈছে শিক্ষয়িত্রীগৰাকী ৷
তৰুণী শিক্ষয়িত্রী গৰাকীৰ কাহিনীয়ে বিশ্বৰ সংবাদ মাধ্যমত সৃষ্টি কৰিছে আলোড়ন ৷ প্রাপ্তবয়স্কৰ বাবে ৱেবছাইটত কাম কৰি তিক্ত অভিজ্ঞতাৰ সন্মুখীন হ’বলগীয়া হৈছে শিক্ষয়িত্রীগৰাকীয়ে ৷ সকলো তৰুণীৰ বাবে এনে ধৰণৰ ৱেবছাইট সঠিক নহয় বুলি উল্লেখ কৰিছে শ্বাহিৰা বাৰি নামৰ বাংলাদেশী মূলৰ তৰুণীগৰাকীয়ে ৷ আমেৰিকা নিৱাসী শ্বাহিৰাক প্রথম দেখিবলৈ পোৱা গৈছিল প্রাপ্তবয়স্কসকলৰ্ পত্রিকা ‘প্লে বয়’ৰ এক বার্ষিক অনুষ্ঠানত ৷
পত্রিকাখনৰ প্রকাশক হিউ হেফনাৰৰ সৈতে একেটা ফ্রেমত দেখা গৈছিল শ্বাহিৰাক৷ আকৌ হলীউডৰ মডেল তথা অভিনেত্রী কিম কার্ডেছিয়ানৰ ‘বডী ডাবল’ হিচাপেও কাম কৰিছিল শ্বাহিৰাই৷ হলীউডত অভিনয়ৰ সপোন দেখা শ্বাহিৰাই পর্ণ জগতখনৰ অভ্যন্তৰত ঘটি থকা বহু কদর্য ঘটনাৰ সন্মুখীন হ’বলগীয়া হয় বুলি উল্লেখ কৰিছে৷ মুকলিকৈ শ্বাহিৰাই উল্লেখ কৰিছে যে অর্থ উপার্জনৰ সুযোগ এই ৱেবছাইটে তেওঁক প্রদান কৰিছিল যদিও সামাজিক ক্ষেত্রত বিভিন্ন মহলৰ পৰা তেওঁ এতিয়া উপেক্ষিত হ’বলগীয়া হৈছে ৷
Comments