Classifieds
View All
গুৱাহাটী, ৪ নৱেম্বৰঃ মুম্বাই ড্ৰাগছ পাৰ্টি গোচৰত বলীউড অভিনেতা শ্বাহৰুখৰ পুত্ৰ আৰিয়ান খানকে ধৰি বহুকেইজন লোকৰ বিৰুদ্ধে এন চি বিয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছিল। তাৰ পিছত পিতৃ শ্বাহৰুখে পুত্ৰক জামিন দিয়াবৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব লগা হৈছিল। ইপিনে, শেহতীয়াকৈ পোৱা এক খবৰ অনুসৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে অভিনেতা শ্বাহৰুখ খানলৈ পুত্ৰ আৰিয়ান খান গোচৰ সন্দৰ্ভত এখন চিঠি লিখিছিল বুলি প্ৰকাশ হৈছে।
পত্ৰখনৰ জৰিয়তে ৰাহুল গান্ধীয়ে শ্বাহৰুখ খানক উৎসাহিত কৰিছিল বুলি জানিব পৰা গৈছে। য'ত তেওঁ শ্বাহৰুখক উদ্দেশ্যি লিখিছিল, "গোটেই দেশবাসী আপোনাৰ সৈতে আছে।" এই পত্ৰখন ৰাহুল গান্ধীয়ে আৰিয়ান জিম্মাত থকাৰ সময়ত লিখিছিল।
উল্লেখ্য যে ব'ম্বে উচ্চ ন্যায়ালয়ে যোৱা বৃহস্পতিবাৰে আৰিয়ান খানক জামিন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।
Comments
সোণতকৈ ব্যয়বহুল এইবিধ ফল, সোৱাদতো অতিকৈ উৎকৃষ্ট
Published on November 4, 2021|News Source : অৰূপ ডেকা
গুৱাহাটী, ৪ নৱেম্বৰঃ জীৱনৰ আটাইতকৈ ব্যয়বহুল ফলবিধ খোৱাৰ ভাগ্য চাগে কিছুসংখ্যক লোকৰহে হৈছে। বৰ্তমান ভাৰতবৰ্ষত পিয়াজ, বিলাহী আদি পাচলিৰ যথেষ্ট মূল্যবৃদ্ধি হৈছে। কিন্তু পৃথিৱীত এনে এবিধ ফল আছে, যাৰ তুলনাত পিয়াজ, বিলাহী আদি পাচলিৰৰ বৰ্ধিত তেনেই নগণ্য। ইয়াৰ মূল্য সোণতকৈ বেছি। জীৱনত সকলো মানুহে নিশ্চয়ই আপেল, কমলা, আঙুৰ, আম আদি ফল-মূল খাই পাইছে। কিন্তু কোনো মানুহে হয়টো লাখটকীয়া ফল খাই পোৱা নাই।
Published on January 1, 1970|News Source :