গুৱাহাটী, ৪ নৱেম্বৰঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয সেনা জোৱানসকলৰ সৈতে দেৱালীৰ সুখৰ ভাগ বতৰা কৰিবলৈ জম্মু-কাশ্মীৰৰ নৌছেৰাত উপস্থিত হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে এই উৎসৱটো উদযাপন কৰিবলৈ প্ৰত্যেকবাৰেই জোৱানসকলৰ মাজত উপস্থিত থাকি দেশৰ সুৰক্ষাৰ বাবে সষ্টম হৈ থকা জোৱানসকলক মিঠাই খুৱাই আহিছে।
ইপিনে, নৌছেৰাত উপস্থিত হৈ প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ জোৱানসকলক দীপাৱালীৰ শুভেচ্ছা জনোৱাৰ লগতে জোৱানসকলক সম্বোধন কৰি ভাষণ প্ৰদান কৰে। য'ত দেশৰ জোৱানসকলৰ বীৰত্বৰ বাবে দেশবাসীক এগচিকৈ চাকি জ্বলাবলৈ আহ্বান জনায়।
ইপিনে, প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ লগতে পোহৰৰ উৎসৱ দীপাৱলীৰ বাবে সমগ্ৰ দেশৰ নিৰাপত্তা ব্যৱস্থা সক্ৰিয় হৈ আছে। প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণক লৈ জোৱানসকলৰ মাজতো যথেষ্ট উৎসাহ দেখা পোৱা গৈছে। প্ৰধানমন্ত্ৰীৰ ভাষণৰ সময়ত 'ভাৰত মাতা কী জয়' শ্ল'গানেৰে নৌছেৰাৰ আকাশ-বতাহ মুখৰিত হৈ পৰে।
Comments